মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলা সাহিত্য সভাৰ অন্তৰ্গত লিডু শাখা সাহিত্য সভাৰ জড়িয়তে ৪১ গৰাকীয়ে অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ বিচাৰি আবেদন কৰিছিল।
ইতিমধ্যে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকে স্বীকৃতি প্ৰদান কৰাত আজি লিডু শাখা সাহিত্য সভাৰ উদ্যোগত লিডু কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰূপে স্বীকৃতসকলৰ প্ৰমান পত্ৰ প্ৰদান কৰা হয়।
শাখাৰ সভানেত্ৰী ড০ দিপালী বৰপুজাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আঁত ধৰে তথা উদ্দেশ্যে বাখ্যা কৰে শাখাৰ সম্পাদক ৰাণাজ্যোতি নেওগে। শাখাৰ প্ৰাক্তন সভাপতি তথা সাংবাদিক জগত চাংমাইয়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ বৰ্ণিল ইতিহাসৰ বাখ্যা ডাঙি ধৰে।
লিডু কলেজৰ অধ্যক্ষ ড০ কৃপাপ্ৰসাদ উপাধ্যায়ে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰা সভাত শাখাৰ প্ৰাক্তন সভাপতি চন্দ্ৰ গৌতম, শাখাৰ উপ সভাপতি লক্ষীনাথ হালৱা, লিডু বাজাৰ হাইস্কুলৰ প্ৰধান শিক্ষক সুপ্ৰিয় দত্ত গুপ্ত, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেব শৰ্মা, লিডু কলপৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লিলি চাংমাই অতিথিৰ ৰূপে মঞ্চ শুৱনি কৰে।
উল্লেখ্য যে লিডু শাখা সাহিত্য সভাৰ জৰিয়তে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ স্বীকৃত পোৱা সকল হ’ল ক্ৰমে –ড০ কৃপাপ্ৰসাদ উপাধ্যায়, জগত চাংমাই ড০ দিপালী বৰপুজাৰী সিনহা, সোমেশ্বৰ নেওগ চন্দ্ৰ গৌতম, তৰুণ গগৈ, ড০ পবিত্ৰ গগৈ, লক্ষ্মীনাথ হালৱা, সাধন গগৈ, মিনা কুমাৰী নাথ, বিকাশ বৰুৱা, ৰাণাজ্যোতি নেওগ, গীতা দেৱী নেওগ, জাহ্নৱী শৰ্মা, মিতালী গগৈ, বিপুল ৰয়, মাধৱদয়াল দত্ত, নবলকিশোৰ বুঢ়াগোঁহাই, মৃদ্যুল দহোটীয়া, মমতা দেৱী, মিনু বৰা ,জ্যোতিষ ফুকন, সুখদেব শৰ্মা, মাখনী গগৈ, ধীৰাজ সোণোৱাল, অনিল কোঁৱৰ, অনীলা ফুকন, বিনু কলিতা ভূঞা, ক্ষিতীশ দেৱনাথ, প্ৰদীপ শইকীয়া, অতুল চন্দ্ৰ বৰুৱা, তপন দে, কৰবী গগৈ, কাঞ্চন বৰা, শ্যামল নেওগ, প্ৰবীৰ জ্যোতি, চুফাতি পমুং মিলি, ফুলমাই ফুকন, নিৰ্মালী মহন আৰু দিপান্বিতা বিশ্বাস।
আনহাতে ডিচেম্বৰৰ ভিতৰতে অসম সাহিত্য সভাই শাখা জিলাসমূহৰ দ্বি-বাৰ্ষিক অধিবেশন আয়োজনৰ নিদেৰ্শ দিছে। সেই গতিকে উক্ত সভাত লিডু শাখা সাহিত্য সভাৰ অধিবেশন আয়োজনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।
উক্ত সভাত জগত চাংমাইক সভাপতি, সুখদেব শৰ্মাক কাৰ্যকৰী সভাপতি, ৰাণাজ্যোতি নেওগ মুখ্য সাধাৰণ সম্পাদক হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰি ১৭ আৰু ১৮ ডিচেম্বৰত লিডু ৰেলৱে ৰঙ্গমঞ্চত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
লগতে পঢ়ক – ৩৭ বছৰৰ মূৰত লখিমপুৰত লখিমপুৰত আছুৰ কেন্দ্ৰীয় সাধাৰণ সভা