বোকাখাত, উত্তম কুমাৰ শৰ্মা: বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে বোকাখাতত অসম চাহ মজদুৰ সংঘৰ ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী।
চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, চাহ জনগোষ্ঠীৰ লোক আৰু আদিবাসী লোকসকলক ভূমিসহ ভূমিপট্টা প্ৰদান কৰা আদি ১৩ দফীয়া দাবীৰে সোমবাৰে বোকাখাতৰ লখৌজান চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত কেইবা শতাধিক চাহ শ্ৰমিকে ৰূপায়ন কৰে এই ধৰ্ণা কাৰ্যসূচী।
উল্লেখযোগ্য যে চাহ শ্ৰমিকসকলৰ দুখ দুৰ্দশা উপলব্ধি কৰি শাসনলৈ অহাৰ পূৰ্বেই চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
কিন্তু শাসনলৈ আহি নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰখনে ৭টাকৈ বছৰ অতিক্ৰম কৰাৰ পাছতো চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী বৃদ্ধিৰ লগতে অন্যান্য সমস্যা সমাধানৰ ক্ষেত্ৰত আওকাণ কৰি প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলিছে অসম চাহ মজদুৰ সংঘই।
ইয়াৰ প্ৰতিবাদত সোমবাৰে লখৌজান চাহ বাগিচাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক মিছলীয়া আখ্যাৰে অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাই ৰূপায়ণ কৰে ২ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী।
লগতে ১৩ দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ বাগিচা পৰিচালকৰ জৰিয়তে মহকুমাধিপতি আৰু শ্ৰম বিষয়ালৈ প্ৰেৰণ কৰে প্ৰতিবাদী শ্ৰমিকসকলে।
লগতে পঢ়ক – লখিমপুৰত আলফাৰ সমৰ্থনত ফেচবুক প’ষ্ট দি গ্ৰেপ্তাৰ ৬জন