বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোত উত্থাপন হ’ল চাৰিখন নতুন বিধেয়ক উত্থাপন কৰে ।
গো-সুৰক্ষা বিধেয়ক-২০২১ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দ্যা বেংগল, আগ্ৰা এণ্ড আছাম চিভিল কোৰ্টছ বিল-২০২১ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দ্যা আছাম গুডচ এণ্ড চাৰ্ভিচ টেক্স (সংশোধিত) বিল উত্থাপন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগ ।
দ্যা আছাম মিনিচিপাল (সংশোধিত) বিল উত্থাপন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগ ।
আজিৰে পৰা আৰম্ভ হোৱা বিধান সভাৰ বাজেট অধিবেশনত শিৱসাগৰ বিধায়ক অখিল গগৈক কথা কবলৈ সুবিধা নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । সদনত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰশ্নৰ মাজত থিয় হৈ মন্তব্য কৰিছিল অখিল গগৈয়ে । তেতিয়া নীতি বিৰুদ্ধ হোৱাত অধ্যক্ষ বিশ্বজিত্ দৈমাৰীয়ে অখিল গগৈক বাধা প্ৰদান কৰে । ইয়াকে লৈ অখিল গগৈয়ে আপত্তি দর্শায় ।
অখিল গগৈয়ে চেঙা ল সমষ্টিৰ প্ৰশ্ন বৈদ্যুতিকৰণ প্ৰসংগেৰে শিৱসাগৰৰ বৈদ্যুতিকৰণ কথা উল্লেখ কৰিব ধৰে । কিন্তু প্ৰশ্ন সমষ্টি ভিত্তিক নোহোৱা বাবে অধ্যক্ষই বাধা দিয়াত অখিল গগৈয়ে চেঙা সমষ্টিৰ বৈদ্যুতিকৰণ আৰু নিম্ন মানৰ শক্তিহে লাভ কৰি থকাৰ প্ৰশ্ন উত্থাপন কৰে । অধ্যক্ষই শক্তি মন্ত্ৰীক প্ৰশ্নৰ উত্তৰ দিবৰ বাবে কোৱাত শক্তি মন্ত্ৰীয়ে সংক্ষিপ্তৰে উত্তৰ দিয়ে । ইয়াতে ক্ষুণ্ণ হৈ পৰে অখিল গগৈ আৰু সদনত কথা কোৱাত বাধা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে ।
প্ৰথম দিনটোত ৰাজ্যত এনকাউণ্টাৰক লৈ উত্তপ্ত বিধান সভা চৌহদ । অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হোৱাৰ পাছৰে পৰা পুলিচ ৰাজ চলিছে বুলি অভিযোগ কৰি কয় যে এইখন ফেচিবাদী চৰকাৰে যি ইচ্ছা তাকে কৰিছে, আইন বুলি একো নাই । অখিল গগৈৰ মতত সমৰ্থন কৰিছে বিধায়ক আশ্ৰাফুল হুচেইন আৰু আমিনুল ইছলামে ।
লগতে পঢ়ক তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন