অসম বিধানসভাত বিৰোধী সদস্য ৰকিবুল হুছেইন আৰু ছেৰমান আলিৰ ৰাজ্যখনত চলি থকা অপৰাধীৰ বিৰুদ্ধে এনকাউন্টাৰৰ সম্পৰ্কত চৰকাৰৰ পৰা উত্তৰ বিচৰাত মুখ্যমন্ত্ৰীৰ স্পষ্ট উত্তৰ অপৰাধীয়ে আৰক্ষীক আক্ৰমন কৰিবলৈ গলে তাৰ ওপৰত কাউন্টাৰ আক্ৰমন হ’ব।

বহু অপৰাধীয়ে আগতে আৰক্ষীক আক্ৰমন কৰি যোৱাৰ উদাহৰন আছে । বৰ্তমান সময়ত তেনে অপৰাধত লিপ্ত হলে আৰক্ষীয়ে আক্ৰমন কৰিব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত দিয়া মন্তব্যত কয়, “মই এইখন আসনত বহি থকালৈকে কোনো অপৰাধীয়ে আৰক্ষীক তদন্ত কাৰ্যত বাধা দি আক্ৰমন কৰিবলৈ চেষ্টা চলালে তাৰ ওপৰত প্ৰতি আক্ৰমন হবই । মই আৰক্ষীক অপৰাধীৰ হাতত মৰিবলৈ এৰি দিব নোৱাৰো ।”

যোৱা সময়চোৱাত বহুকেইজন অপৰাধীক এনে কাৰ্যৰ বাবে আৰক্ষীয়ে গুলিয়াই নিহত কৰাৰ লগতে বহুজন আহত হৈছে । ইয়াৰ বিপৰীতে অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

আজি বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ অভিযুক্ত ভূপেন বৰুৱাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীয়াই আঘাত কৰিছে। অসমত হোৱা প্ৰত্যেকটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত হ’ব লাগে। শিৱসাগৰৰ স্থানীয় সাংবাদিককো গুলীয়াম বুলি ভাবুকি দিছে আৰক্ষীয়ে। সেইটো দুৰ্ভাগ্যজনক।

ড্ৰাগছ সৰবৰাহক লৈ আজি সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিয়া বিবৃতি মতে , অসমত হিন্দী চিনেমাৰ দৰে আণ্ডাৰৱৰ্ল্ডৰ কাম চলি আছে | বিগত ২ মাহত প্ৰায় ২৮ কেজি হেৰ’ইন জব্দ কৰা হৈছে।১৮৯৭টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। ইয়াৰ বিপৰীতে ১,১২১টা গোচৰ ৰুজু হৈছে।

লগতে পঢ়ক কামপুৰৰ ভিন্ন প্ৰান্তত চুলাই মদৰ বিৰুদ্ধে অভিযান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply