অসম বিধানসভাৰ পঞ্চদশ অধিৱেশনৰ আজি দ্বিতীয় দিন

অসম বিধানসভাৰ পঞ্চদশ অধিৱেশনৰ আজি দ্বিতীয় দিন। প্ৰথম অধিৱেশনৰ দ্বিতীয় দিনা ৰাজ্যপালৰ অধিভাষণ। শান্তিপূৰ্ণভাবে ৰাজ্যপালৰ ভাষণ শুনিলে বিৰোধী দলৰ বিধায়ক সকলে। ৰাজ্যপালৰ ভাষণত ৰিতুল শইকীয়াৰ মুক্তিৰ প্ৰসংগ দাঙি ধৰে। আলফাৰ একপক্ষীয় যুদ্ধ বিৰতিৰ প্ৰসংগও উত্থাপন কৰা হয়। ৰিতুল শইকীয়াৰ মুক্তি চৰকাৰৰ এক আদৰণীয় পদক্ষেপ বুলি মন্তব্য কৰে ৰাজ্যপালে। আলফাই তিনিমাহলৈ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছে। আলফাৰ এই পদক্ষেপ ইতিবাচক বুলি মন্তব্য ৰাজ্যপাল জগদীশ মুখীৰ

তেওঁ ৰাজ্যৰ শান্তি, আইন শৃংখলা অধিক উন্নত হৈছে বুলি উল্লেখ কৰি সন্ত্ৰাসবাসী সংগঠনৰ হাতৰ পৰা সফলভাৱে কেইবাগৰাকীও অপহূত লোকক উদ্ধাৰ কৰাত চৰকাৰ সক্ষম হোৱাৰ বিষয়ে কয়। আনহাতে NRLৰ পৰা চৰকাৰে অধিকাংশ অংশীদ্বাৰিত্ব ক্ৰয় কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। ৰাজ্যপালে ভাষণ এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

চৰকাৰে অক্সিজেন উত্পাদন আৰু মজুতকৰণ বৃদ্ধি কৰিছে। ব্ৰহ্মপুত্ৰৰ উপনৈৰ বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আঁচনি লৈছে। ৰাজ্যপালৰ ভাষণ শান্তিপূৰ্ণভাবে শুনাটো এক শুভ পৰম্পৰাৰ আৰম্ভণি, বিৰোধীক প্ৰশংসা কৰি মন্তব্য মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ। চৰকাৰক গঠনমূলক সমালোচনা কৰিবলৈও বিৰোধীক আহ্বান কৰে মুখ্যমন্ত্ৰীয়ে।
সদন স্থগিতৰ প্ৰস্তাৱ আনিলেই চৰকাৰ পৰাজিত বুলি ভাবিব নালাগে। সৰ্বদলীয় বৈঠকত জনোৱা আহ্বানৰ বাবে আমি ৰাজ্যপালৰ ভাষণ শুনিলো, ৰাজ্যপালৰ ভাষণক লৈ আমাৰ কবলগীয়া আছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।

ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ আনে প্ৰশান্ত ফুকনে ৷ প্ৰস্তাবত সমৰ্থন জনায় ভুৱন পেগুৱে। ২৪ মে’লৈ সদন স্থগিত ৰখা হয়। অহা  ২৪ মে’ৰ তৃতীয়দিনৰ অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত শাসক-বিৰোধীয়ে মন্তব্য ৰাখিব।

লগতে পঢ়ক সোণাৰিত পৰিয়ালৰ লোকক গটালে অপহৃত ৰিতুল শইকীয়াক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply