বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ঘোষণা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰিম ৷ প্ৰথমখন বিধানসভা অধিবেশনৰ অন্তিম দিনটো মুখ্যমন্ত্ৰী গৰাকীয়ে কয় , “মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ। আৰু বিৰোধীকো কম আপোনালোকে ভৰিৰ তলৰ মাটি এৰি নিদিব ৷ কিছুমান বিষয়ত আমাৰ মত নিমিলে। কিন্তু যিবোৰত মত মিলে সেয়া কাম আমি সহযোগিতাৰ মাজেৰে সমাধান কৰিম। মই মাদ্ৰাছা খুলিবলৈ নিদিও ৷ এয়া স্পষ্ট কথা।”
ইফালে গো হত্যা ৰোধৰ বাবেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ পদক্ষেপ অনাগত দিনত ল’ব বুলি সদনত সদৰি কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘গো আমাৰ মাতৃ ৷ ভাৰতীয় সংবিধানৰ অধীনত গো হত্যা ৰোধ কৰাৰ বাবে পদক্ষেপ অব্যাহত থাকিব৷ কিছুমান ঠাইত গো মাংস বিক্ৰী নকৰিলেও হয়। ই একেবাৰে স্পৰ্শকাতৰ বিষয়।’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,’ নব্বৈ শতাংশ বিষয়বস্তুতে শাসক-বিৰোধী বিধায়কৰ সহমত আছে, দহ শতাংশ বিষয়তহে মত বিৰোধ আছে। প্ৰথমে সহমত থকা বিষয়বিলাকত একেলগে কাম কৰিম। এইখন সদনে নতুন অসম নিৰ্মাণ কৰিব পাৰিব। সত্ৰৰ মাটি বেদখল প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘যেতিয়া এআইইউডিএফে ক’ব, কোনেও সত্ৰৰ মাটি দখল কৰিব নালাগে তেতিয়া নতুন সমাজৰ সৃষ্টি হ’ব ৷ আমি সংকল্প লৈ আহিছো বেয়া কাম নকৰো৷ বেয়া কাম হ’লে আপোনালোকে দেখুৱাই দিব৷’
ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে ৰাইজৰ পৰা সাহাৰ্য বিচৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ৰাইজৰ সহায় নহলে কোনো এখন চৰকাৰ সুস্থ ভাবে চলিব নোৱাৰে । অতীতত বানৰ সময়ত চৰকাৰবোৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ধন বিচাৰে তেতিয়া চৰকাৰৰ আৰ্থিক সংকট আছিল নেকি বুলি প্ৰশ্ন কৰে বিৰোধীক ৷
পঞ্চদশ অসম বিধানসভাৰ প্ৰথম খন অধিবেশনৰ অন্তিম দিনা বিৰোধীয়ে অখিল গগৈৰ সন্দৰ্ভত তোলা বিষয়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘কোৰোণাৰ প্ৰটকল ৰক্ষা কৰি অখিল গগৈক আহল বহলকৈ বাছত অনা হৈছিল। অখিল গগৈ এতিয়া এগৰাকী ৰোগী। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছে।
ইফালে অখিল গগৈয়ে শপত গ্ৰহণ কৰি প্ৰতিগৰাকী বিধায়কৰ কাষলৈ যোৱাৰ প্ৰসংগত উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘সদনলৈ আহি অখিল গগৈয়ে প্ৰতিখন আসনলৈ গৈ কথা পতাটোত মই ভাবিবলৈ বাধ্য হৈছিলো যে, অখিলে ক’ভিড বিলাবলৈ আহিছে নেকি? সদনলৈ আহি ইজনৰ পিছত আনজনৰ কাষলৈ যোৱাটোৱেই তেওঁৰ বেমাৰ। জিএম চি এইছ ত সোধোতে মোক কৈছে তেওঁৰ এইটোৱেই বেমাৰ।’
অসুস্থ মানুহ এজনক কেনেকৈ সদনত বহুৱাব? বিগত চাৰি মাহে চিকিৎসাধীন হৈ আছে অখিল গগৈ। তেখেত মানসিকভাৱে অসুস্থ হোৱাৰ বাবে চিকিৎসা চলি আছে।’ সুস্থ হৈ উঠিলে তেও জেললৈ যাব লাগিব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক সান্ধ্য আইন আৰু এচঅ’পিৰ বাবে কাল অমানিশা নামি আহিছে গোৰেশ্বৰৰ এটি দুৰ্ভগীয়া পৰিয়াললৈ