গুৱাহাটী: আজিৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনত মাধ্যম বিতৰ্ককে ধৰি তিনিটা প্ৰসংগকলৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অগ্ৰাহ্য কৰাত সদনত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হোৱাত কিছু সময়ৰ বাবে সদন স্থগিত হয়।
কংগ্ৰেছ দলৰ লগতে বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সভা স্থগিতৰ প্ৰস্তাৱ আনে।
সভা স্থগিতৰ আনি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, ‘’ইংৰাজী ভাষাত শিক্ষা প্ৰদানৰ সিদ্ধান্তই স্কুলীয়া ল’ৰা-ছোৱালীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব… গতিকে আমি একেটা কথা জৰুৰীভাৱে আলোচনা কৰাটো প্ৰয়োজন।‘’
তেওঁৰ এই প্ৰস্তাৱ সমৰ্থন কৰি অখিল গগৈয়ে কয় যে যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে মাতৃভাষাত শিক্ষাগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ পৰিপন্থী।
‘’একত্ৰীকৰণৰ নামত প্ৰশাসনে বিদ্যালয়সমূহ বন্ধ কৰিবলৈ ধৰিছে। বিদ্যালয়ৰ প্ৰাদেশিকীকৰণো তেওঁলোকে বন্ধ ৰাখিছে,’’ তেওঁ কয়।
আনহাতে এ আই ইউ ডি এফ দলে ৰাজ্যৰ বিভিন্ন স্থানত চলোৱা উচ্ছেদ অভিযানৰ লগতে উচ্ছেদিত পৰিয়ালসমূহৰ অৱস্থা সম্পৰ্কে আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ আনে।
কিন্তু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধীৰ তিনিওটা প্ৰস্তাৱ খাৰিজ কৰি কয় যে তেওঁলোকৰ বিষয়সমূহ গুৰুত্বপূৰ্ণ যদিও সভা স্থগিত নৰাখাকৈ বিষয়সমূহ আলোচনা কৰিব পৰা যাব বুলি যুক্তি আগবঢ়ায়।
সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষই খাৰিজ কৰাৰ পিছতে কংগ্ৰেছ দলৰ বিধায়কসকলৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হাতত সদনৰ মজিয়ালৈ উঠি তেওঁলোকৰ দাবীৰ সমৰ্থনত প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল’গান দিয়াত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।
ইয়াৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে। ২০ মিনিটৰ পিছত সদন পুনৰ আৰম্ভ হোৱাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে মাধ্যম বিতৰ্ককলৈ সদনত আলোচনা কৰাত চৰকাৰৰ আপত্তি নাই যদিহে বিষয়টো অন্য ধৰণেৰে উপস্থাপন কৰা হয়।
ইয়াৰ পিছতে কংগ্ৰেছৰ লগতে বিধায়ক অখিল গগৈয়ে তেওঁলোকে অনা সভা স্থগিতৰ প্ৰস্তাৱ উঠাই লয়। আনহাতে এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে কয় যে তেওঁলোকে উত্থাপন কৰা বিষয়টো যিহেতু মানৱ অধিকাৰ উলংঘনৰ সৈতে জড়িত গতিকে ইয়াকলৈ আলোচনা হোৱা উচিত।
কিন্তু অধ্যক্ষ গৰাকীয়ে তেওঁক সভা স্থগিতৰ প্ৰস্তাৱ নৰখাকৈ অন্য উপায়েৰে বিষয়টো উত্থাপন কৰিবলৈ কোৱাত দলটোৰ বিধায়কসকলে ইয়াৰ আপত্তি কৰি সদন ত্যাগ কৰে।
লগতে পঢ়ক – মেঘালয়ত উন্মত্ত জনতাৰ আক্ৰমণত নিহত I Love You সহ চাৰি কয়দী