কাইলৈ পৰা আৰম্ভ হ’ব বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব অধিৱেশন। এই অধিৱশনতে ২০২২-২৩ বৰ্ষৰ বাবে দাখিল হ’ব পূৰ্ণাংগ বাজেট। বিত্ত মন্ত্ৰী অজন্তা নেওগে অহা ১৬ মাৰ্চত দাখিল কৰিব আগন্তুক বিত্তীয় বৰ্ষৰ বাবে বাজেট। প্ৰথম দিনটোত নবনিৰ্বাচিত বিধায়ক ভূৱন গামে শপত গ্ৰহন কৰিব।
অধিৱেশনত উত্থাপন হোৱা কথা ১৩ খন বিধেয়ক। এই মুহূৰ্তলৈকে ৯ খন বিধেয়ক জমা দিছে বিভাগসমূহে। এই কথা জনালে বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে। সদনত উত্থাপন কৰা হ’ব দুখন নতুন বিধেয়ক।
এই বিধেয়ক দুখন হৈছে ক্ৰমে দ্য অসম পৌৰ নিগম বিধেয়ক, দ্য ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছ বিধেয়ক। লগতে বিভিন্ন বিভাগৰ একাধিক বিধেয়ক বাতিলৰো সম্ভাৱনা। তালিকাত আছে দ্য আছাম এক্সাইছ ৰিপিলিং বিধেয়কৰ নাম। লগতে আছে দ্য আছাম বৰ্ষ্টেল ইনষ্টিটিউচন ৰিপিলিং বিধেয়ক। ইয়াৰ উপৰিও আছে ৮ খন সংশোধনী বিধেয়কৰ প্ৰস্তাৱ।