উগ্ৰপন্থী শব্দক লৈ আজিৰ সদন উতপ্ত

নিউজ ডেস্ক: অসম বিধানসভাত আজিৰ দিনটোত এটা শব্দক লৈ উতপ্ত হৈ পৰে । বিৰোধী সদস্যসকলে প্ৰশ্নোত্তৰ কালৰ সময়ত শিক্ষামন্ত্ৰীৰ বক্তব্যৰ পিছতেই হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে । এনে হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ সময়ত অধ্যক্ষই বিৰোধীক উদ্দেশ্য কৰি আপোনালোকে উগ্ৰপন্থীৰ দৰে কিয় ব্যবহাৰ কৰিছে বুলি উল্লেখ কৰে | এই ঘটনাটোক লৈয়েই বিৰোধী সদস্যসকল জাঙুৰ খাই উঠে । ‘উগ্ৰপন্থীতকৈ আমিয়ে বেছি বেয়া, এম এল এৰ স্বভাৱ-চৰিত্ৰ যদি এনেকুৱা হয় উগ্ৰপন্থীৰ পৰা কি আশা কৰিম?’ অধ্যক্ষৰ এই মন্তব্যৰ পাছতে অধিক উত্তপ্ত সদন

কংগ্ৰেছৰ দুই বিধায়ক জাকিৰ হুচেইন ছিকদাৰ আৰু কমলাক্ষ্য দে পুৰকায়স্থক সদনৰ পৰা বাহিৰ কৰিও দিয়ে অধ্যক্ষই | বিৰোধী সদস্যসকলে সদনত উগ্ৰপন্থী শব্দটো উঠাই লোৱাৰ দাবী তুলি সদনত অচলাবস্থাৰ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখে ।

শেষত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে তেও কি উদ্দেশ্যৰে এই কথাটো কৈছিল তাৰ বাখ্যা দাঙি ধৰি কয়, তেও যেনেকুৱা পৰিবেশৰ মাজেৰে শিক্ষা দীক্ষা তথা ডাঙৰ হৈছে তাত এই শব্দটো কোনো বেয়া শব্দ নহয় । সততে বিৰোধীয়ে হকে বিহকে সদনত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰি যি পৰিবেশৰ সূচনা কৰিব বিচাৰিছে তাকহে তেও তুলনা কৰিবলৈ এই শব্দটো ব্যবহাৰ কৰিছিল ।

দৈমাৰীয়ে লগতে কয় বন্দুক বাৰুদ লোৱা উগ্ৰপন্থীৰ সৈতে ইয়াক মিলোৱা নাই । সদন চলিবলৈ যিহেতু সকলোৰে সহযোগিতা লাগে সেইবাবেই তেও সদনৰ সকলোৰে মতক সহযোগীতা কৰি উগ্ৰপন্থী শব্দটো উঠাই লোৱা বুলি বিষয়টোৰ সামৰনি পেলাই । লগতে সেই বিষয়টোক লৈ সদনৰ পৰা বাহিৰ কৰা দুই সদস্য কমলাক্ষ্য দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন ছিকদাৰক বহিষ্কাৰ কৰা বিষয়টো উঠাই লয় ।

লগতে পঢ়ক ক’ভিডৰ সংক্ৰমন লৈ নিশ্চিন্ত হ’ব পৰা পৰিবেশ হোৱা নাই ৰাজ্যত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply