নিউজ ডেস্ক : অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰদল ইউ পি পি এলে ২ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলটোৱে দেওবাৰে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।
দলটোৰ কাৰ্য্যকৰী সভাপতি ৰংৰা নাৰ্জাৰিয়ে এক সংবাদমেলত সদৰী কৰা মতে দলটোৱে অহা উপ নিৰ্বাচনত গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব।
সেই অনুসৰি গোঁসাইগাঁও সমষ্টিৰ পৰা জিৰণ বসুমতাৰী আৰু তামুলপুৰ সমষ্টিৰ পৰা জোলেন দৈমাৰিক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে বুলি নাৰ্জাৰিয়ে জানিবলৈ দিয়ে।
তেওঁলোক দুজনৰ ভিতৰত জোলেন দৈমাৰিয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে জিৰণ বসুমতাৰী বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ এগৰাকী সদস্য। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে হোৱা আলোচনা মৰ্মে দুয়োগৰাকী প্ৰাৰ্থীক ঠিক কৰা হৈছে বুলি নাৰ্জাৰিয়ে জনায়।
উল্লেখযোগ্য যে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কিছুদিন পিছতে গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ বিধায়দ্বয় ক্ৰমে মজেন্দ্ৰ নাৰ্জাৰি আৰু লেহোৰাম বড়োৰ ক’ভিড ১৯ত মৃত্যু হৈছিল।
লগতে পঢ়ক : পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিশেষ স্কলাৰশ্বিপ