নিউজ ডেস্ক : আগন্তুক উপ নিৰ্বাচনৰ বাবে শাসনাধিষ্ট দল বিজেপিয়ে প্ৰাৰ্থীৰ তালিক ঘোষণা কৰিছে। অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫ খন বিধানসভা আসনত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত বিজেপিয়ে ৩ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিয়ে আজি প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি বিজেপিয়ে ভৱানীপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে।
ভৱানীপুৰ সমষ্টিৰ পৰা ফনিধৰ তালুকদাৰ, মৰিয়নিৰ পৰা ৰূপজ্যোতি কুৰ্মী আৰু ডিমৌৰ পৰা সুশান্ত বৰগোহাঁয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে ফনিধৰ তালুকদাৰে এ আই ইউ ডি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বিপৰীতে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল।
আনহাতে আন দুটা সমষ্টি ক্ৰমে গোঁসাইগাঁও আৰু তামুলপুৰত বিজেপিৰ সহযোগী দল ইউ পি পি এলে প্ৰতিদ্বন্দ্বিতা কৰিব। দলটোৱে ইতিমধ্যে নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।
ইউ পি পি এলৰ হৈ গোঁসাইগাঁৱৰ পৰা জিৰণ বসুমতাৰী আৰু তামুলপুৰ সমষ্টিৰ পৰা জোলেন দৈমাৰিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব।
লগতে পঢ়ক : আগন্তুক উপ নিৰ্বাচনৰ বাবে ইউ পি পি এলে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা