নিউজ ডেস্ক : চুবুৰীয়া ৰাজ্যৰ সৈতে চলি থকা সীমা বিবাদক লৈ আজি বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মেঘালয়ে অসমৰ ভূমি বেদখল কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ আনি বিষয়টোক লৈ বিধানসভাত আলোচনাৰ দাবীৰে কংগ্ৰেছে অনা সভা স্থগিতৰ প্ৰস্তাৱক অধ্যক্ষই অগ্ৰাহ্য কৰাত আজি বিৰোধীয়ে সদন ত্যাক কৰে।

তদুপৰি ৰাজ্য দুখনৰ সীমা সমস্যাক লৈ মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনক অৱগত নকৰা বিষয়তো বিৰোধীয়ে ক্ষোভ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে আজি কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই শূন্যকালীন ঘণ্টাত সদনৰ আন কাৰ্যক্ৰমণিকা বাদ দি সীমা বিবাদক লৈ আলোচনাৰ বাবে সভাস্থগিতৰ প্ৰস্তাৱ আগবঢ়াইছিল।

বাতৰি কাকতৰ প্ৰকাশ পোৱা খবৰৰ উদ্ধৃতি দি হুদাই সদনত মেঘালয়ে খানাপাৰাত ড্ৰোনৰ সহায়ত সীমান্ত জৰিপ চলোৱা বুলি দাবী কৰে। একেদৰে এ আই ইউ ডি এফৰ বিধায়ক ফনি তালুকদাৰেও খানাপাৰাত থকা তেওঁৰ বাসগৃহৰ সন্মুখতে মেঘালয়ে সীমান্ত জৰিপ কাৰ্য্য চলোৱা বুলি কয়।

অৱশ্যে বিৰোধীৰ দাবী সত্ত্বেও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সভাস্থগিত ৰখাৰ প্ৰস্তাৱ নাকচ কৰে।

আনহাতে, মন্ত্ৰী পিযুষ হাজৰিকাই সদনক জনোৱা মতে মেঘালয়ে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষেহে ড্ৰোনৰ জৰিয়তে উক্ত সীমান্ত জৰিপ কাৰ্য্য চলায়, অসমৰ ফালৰ পৰাও অনুৰূপ জৰিপ কাৰ্য্য চলোৱা হ’ব বুলিও তেওঁ কয়।

তেওঁ লগতে কয়, ‘মই নিশ্চিত যে উক্ত জৰিপৰ ফলত কোনোধৰণৰ বেদখল হ’ব নোৱাৰে।’

আনহাতে, এনে এটা স্পৰ্শকাতৰ বিষয়ত চৰকাৰৰ ফালৰ পৰা এক বিবৃতিৰ পৰিৱৰ্তে মন্ত্ৰীজনে মাত্ৰ এটা প্ৰত্যুত্তৰ দিয়া কাৰ্য্যক বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

পিছত মন্ত্ৰী পিযুষ হাজৰিকাই চৰকাৰে বিষয়টোক লৈ এটা বিবৃতি জাৰি কৰাৰ কথা বিবেচনা কৰা বুলি মন্তব্য কৰাত অধ্যক্ষই বিৰোধী সদস্যসকলক সদন ত্যাগ নকৰিবলৈ আহ্বান জনায়।

কিন্তু তেওঁলোকৰ সভাস্থগিতৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই (এম) আৰু এগৰাকী নিৰ্দলীয় বিধায়কসহ বিৰোধীয়ে সদন ত্যাগ কৰে।

লগতে পঢ়ক : অস্ত্ৰ-শস্ত্ৰসহ বড়ো বিদ্ৰোহী গোট NLFB-ৰ ৪৬ গৰাকী কেডাৰৰ আত্মসমৰ্পন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply