নিউজ ডেস্ক : শুকুৰবাৰে অসম বিধানসভাত বহু চৰ্চিত গো-সুৰক্ষা বিধেয়ক, ২০২১ গৃহীত হয়। বিধেয়কখনক লৈ বিধানসভাৰ মজিয়াত বিৰোধী আৰু শাসকপক্ষৰ মাজত চলা বিতৰ্কৰ পিছত সদনে বিধেয়কখন গৃহীত কৰে।

ইয়াৰ লগে লগে আজিৰ পৰা ৰাজ্যত গো-সুৰক্ষা বিধেয়ক, ২০২১ আইনত পৰিণত হয়।

ইয়াৰ পূৰ্বে বিৰোধীৰ ফালৰ পৰা বিধেয়কখন সম্পৰ্কত মুঠ ৭২ টা সংশোধনী দাখিল কৰাৰ লগতে বিধেয়কখন গৃহীত কৰাৰ পূৰ্বে চিলেক্ট কমিটিলৈ পঠিয়াবলৈ দাবী জনাইছিল, কিন্তু মুখ্য মন্ত্ৰীয়ে নিজৰ বক্তব্যত বিৰোধীৰ দাবীক গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি বিৰোধীয়ে সমূহীয়াভাৱে সদন ত্যাগ কৰে।

গো-সুৰক্ষা আইনৰ অধীনত এতিয়াৰ পৰা ৰাজ্যত বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ গৰুৰ পৰিবহন সম্পূৰ্ণভাৱে নিষেধ কৰা হৈছে। ইয়াৰ উপৰি হিন্দু বসতিপূৰ্ণ অঞ্চল তথা মন্দিৰ থকা অঞ্চল সমূহৰ পৰা পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধলৈ গো-মাংস বিক্ৰী আৰু খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।

 লগতে পঢ়ক : নিয়োগ বাৰ্তা : The IRCON International Limited নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,266 other subscribers

Leave a comment

Leave a Reply