ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনক কেন্দ্ৰ কৰি সদনত সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশ।

দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্ব কংগ্ৰেছ বিধায়িনী দলে প্ৰতিবাদ সাব্যস্ত কৰে। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে পুৱাই অসম বিধানসভাৰ চৌহদত কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে।কংগ্ৰেছে সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিল লগতে কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদৰ অংশ হিচাপে বিধানসভালৈ পৰিধান কৰি আহিছে ক’লা বস্ত্ৰ।

দেৱব্ৰত শইকীয়াই কয়, ন্যায়পালিকাই যদি ভুলভাৱে কাম কৰে তেন্তে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে BBCয়ে ডকুমেণ্টেৰী কৰাৰ বাবে অসম বিধানসভাৰ মজিয়াত চৰকাৰী পক্ষই সংকল্প প্ৰস্তাৱ আনিলে বিৰোধীৰ বিৰোধিতা সত্ত্বেও৷ এতিয়া দেশৰ সংবিধান ৰক্ষাৰ বাবে সদনত আলোচনা হ’ব লাগে৷

ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিবলৈ উঠাৰ লগে লগে কংগ্ৰেছৰ বিধায়কসকলে হুলস্থুল আৰম্ভ কৰে। বিৰোধীৰ হুলস্থূলৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কালিৰ CLPতে হুলস্থূল কৰিম বুলি সিদ্ধান্ত লোৱা বুলি মই জানো৷ বিৰোধী দলপতিয়ে কথা কওঁতে মই মনে মনে আছিলো। এতিয়া মই কওঁতে কিয় কৈ আছে। যদি হুলস্থূল কৰিম সিদ্ধান্ত লৈ আহিছে কৰক নহ’লে বহক।’

ইয়াৰ পিছতে অধ্যক্ষৰ আসনৰ সন্মুখলৈ আগবাঢ়ি গৈ  ‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনিৰে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰে বিৰোধীসকলে। লগতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও নিজ আসনৰ পৰা উঠি প্ৰতিবাদ সাব্যস্ত কৰে তেওঁৰ লগতে কমলাক্ষ দে পুৰকায়স্ত আৰু জাকিৰ হুছেইন শিকদাৰকো দেখা যায় হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা।

ইফালে, শাসকীয় পক্ষৰ মন্ত্ৰী–বিধায়কে দিয়ে ‘ভাৰত মাতা কি জয়’ ধ্বনি।

সদনত তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত অধ্যক্ষই বাধা দি কয়, ‘‘সদনত আন্দোলন নহয়৷ সদনত পোষ্টাৰ নহ’ব। কিন্তু অধ্যক্ষৰ বাধাকো আওকাণ কৰি চলি থাকিল হুলস্থুলীয়া।

ফলত ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় অধ্যক্ষই। লগতে অখিল গগৈ, কমলাক্ষ দে পুৰকায়স্ত আৰু জাকিৰ হুছেইন শিকদাৰক বহিস্কাৰ কৰা হয় সদনৰ পৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply