গুৱাহাটীঃ নতুন চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰলৈ অহা ২১ মে’ৰ পৰা আৰম্ভ হ’ব পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। কোৰোনা সৃষ্ট পৰিৱেশৰ মাজতেই তিনিদিনৰ বাবে হ’ব বিধানসভাৰ প্ৰথমখন অধিৱেশন।

বিধানসভা অধিৱেশনৰ প্রথম দিনাই নৱনিৰ্বাচিত ১২৬ বিধায়কে শপতগ্ৰহণ কৰিব। শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক অখিল গগৈয়ে বিধানসভাৰ এই অধিৱেশনতে কাৰাগাৰৰ পৰা আহি শপতগ্ৰহণ কৰিব।

আৰু পঢ়কঃকৰোনা মুক্ত হৈ থাকিবৰ বাবে টীয়কৰ এখন গাঁৱে দেখুৱাইছে বিশেষ আদৰ্শ

ইয়াৰ বাবে নিয়া আদালতৰ পৰা অনুমতি লাভ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।
বিৰোধী দলে এতিয়ালৈকে তেওলোকৰ নেতাৰ নাম ঘোষণা কৰা নাই।

কংগ্ৰেছ হাইকামান্ডে কাক এইবাৰ বিৰোধী দলপতিৰ আসনত বহুৱাই সেইয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। এই অধিৱেশনতেই নিৰ্বাচিত কৰা হ’ব বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ। অধিৱেশনৰ তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ওপৰত হ’ব আলোচনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply