সমগ্ৰ বিশ্বৰ লগতে অসমৰ আদিবাসী-চাহ শ্ৰমিক সমাজেও ক’ভিড ১৯ ভাইৰাছ লৈ আতংকত চিন্তিত হৈ থকা সময়তে বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু খিলঞ্জীয়া ওপৰত নিজৰ মতামত প্ৰকাশ কৰিব গৈ আদিবাসী চাহ শ্ৰমিকসকল অসমীয়া নহয় বুলি কব বিচৰা কাৰ্যত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) জাঙুৰ খাই উঠিছে ৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰন সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতি যোগে কয়,
অধ্যক্ষ গৰাকীয়ে বড়ো কছাৰী সকল প্ৰকৃত খিলঞ্জীয়া অসমীয়া বুলি কৈছে, সেইয়া বুৰঞ্জীয়ে কয় ৷ তেখেতে আৰু কৈছে অসমত শংকৰদেৱে গঢ়ি যোৱা সমাজখনৰ লগত জড়িত সকলো অসমীয়া ৷ বিবৃতিটো উল্লেখ কৰা মতে অসমৰ প্ৰায় ২০-৩০ শতাংশ চাহ শ্ৰমিক শংকৰ সংঘৰ লগত জড়িত ৷ অসমত প্ৰায় দুশ বছৰ ধৰি বসবাস কৰা আদিবাসী লোক সকলৰ অসমৰ জলবায়ুৰ সৈতে নিবিড় ভাবে সম্পৰ্ক আছে ৷

লগতে পঢ়ক সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰই গো পালকৰ গাখীৰ লোৱা বন্ধ কৰিলে

আদিবাসী চাহ শ্ৰমিক সকল অসমৰ প্ৰত্যেক উৎসৱ-পাৰ্বণ, বহাগ বিহু , মাঘ বিহু, কাতি বিহু আদি অসমৰ সকলো খিলঞ্জীয়াৰে সৈতে একেলগে পালন কৰে। আজি চাহ বনুৱা লোক সকলৰ বাবে অসমীয়া ভাষা সংখ্যালঘুত পৰিণত হ’বলৈ ধৰা নাই ৷ আদিবাসী চাহ শ্ৰমিক সকলৰ লৰা ছোৱালী বৰ্তমানে ৮০ শতাংশই অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে ৷

চাহ শ্ৰমিক লোক সকলেহে আজি অসমীয়া ভাষা জীয়াই ৰাাখিছে বুলি ক’লেও বঢ়াই কোৱা নহব বুলি উল্লেখ কৰিছে সংগঠনটোৱে ৷ আদিবাসী চাহ শ্ৰমিক লোকসকল অসমক নিজৰ মাতৃভূমি আৰু অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰি, অসমৰ বায়ু-পানী গ্ৰহণ কৰি নিগাজীকৈ বসবাস কৰি আহিছে ৷ তাৰ পিছত কি যুক্তিত এই লোকসকল অসমীয়া নহয় বুলি বিশ্বজিত দৈমাৰীয়ে কৈছে বুলি আছাই প্ৰশ্ন কৰে ৷

অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ অসম ভূ-খণ্ডৰ অতীত ইতিহাস সম্পৰ্কে একো জ্ঞান নাই ৷ জ্ঞান থকা হলে তেনে ধৰণৰ বিকৃত মন্তব্য নকৰিলে হেঁতেন ৷ এনে ধৰণৰ মন্তব্যই ভৱিষ্যতে অসমীয়াৰ সাতামপুৰুষীয়া এনাজৰীত আঘাত হানিব আৰু অসমীয়া জাতিৰ বৰঘৰ ভাঙি থানবান হব পাৰে ৷ বিশ্বজিত দৈমাৰীয়ে ইতিহাসৰ পাঠ লুটিয়াই চালে গম পাব, অসমৰ আদিবাসী-চাহজনগোষ্ঠীৰ লোকসকল আৰ্যপূৰ্ব অখণ্ড ভাৰতবৰ্ষৰ মানুহ – Son of the soil of Indian continent. এই সকল লোক ঐতিহাসিকভাৱেই ভাৰতবৰ্ষৰ ভূমিপুত্ৰ। গতিকে ভাৰতৰ অংশ হিচাবে অসমৰো ভূমিপুত্ৰ। এই লোকসকল ভাৰতভূমিৰ বাহিৰৰ আন দেশৰ পৰা প্ৰবজন হৈ অহা লোক নহয়। ইংৰাজ ৰাজত্বৰ আগৰ পৰাই এই সকল লোক অসমত বসবাস কৰাৰ তথ্য আছে বুলি উল্লেখ কৰে আছাই।

বহুকেইজন বিশিষ্ট নৃ-তত্ববিদ, গৱেষকে তেখেত সকলৰ গৱেষণাত এই লোক সকলৰ পূৰ্বজ সকল যে অতীতত অসম ভূ-খণ্ডত বসবাস কৰিছিল, এই কথা তথ্য সহকাৰে উল্লেখ কৰি গৈছে। অসমীয়া ভাষাৰ শব্দ সম্ভাৰেই তাৰ প্ৰমান। অসমৰ ড° বাণীকান্ত কাকতিৰ দৰে বিশিষ্ট ভাষাবিদেও এই কথা তেখেতৰ গৱেষণাত প্ৰমাণ কৰি গৈছে। বিশ্বজিত দৈমাৰীৰ দৰে নেতাই এই কথাবোৰ নজনাটোতহে আচৰিত হ’বলগীয়া কথা। হয়, ইংৰাজসকলে অসমত চাহ বাগিচা খোলাৰ পাচত স্থানীয় শ্ৰমিকৰ অভাৱৰ হেতু এই অষ্ট্ৰিক আৰু দ্ৰাৱিড়ীয় নৃ-গোষ্ঠীভূক্ত লোকসকলৰ বেচিভাগ লোকক চাহ শ্ৰমিক হিচাবে মূল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা চৰকাৰী আইনৰ জৰিয়তে অসমলৈ স্থানান্তৰিত কৰা হৈছিল।

ইতিহাস পঢ়িলে এই কথাও গম পোৱা যায় যে কোনসকল লোক কেতিয়া অসমলৈ আহিছে। এই সন্দৰ্ভত বিশ্বজিত দৈমাৰীয়ে চিনচুলা চুক্তি-১৮৬৫ খনো ভালকৈ পঢ়া উচিত বুলি উল্লেখ কৰিছে সংগঠনটোৱে ৷ কোন কেতিয়া তিবেত-ভূটানৰ পৰা আহিছে। সাম্প্ৰতিক অসমত বসবাস কৰা সকলো মঙ্গোলয়দ গোষ্ঠীৰ লোক এটা পথেৰে অসম ভূ-খণ্ডলৈ সোমোৱা নাছিল। বিভিন্ন পথেৰে অসম ভূ-খণ্ডত প্ৰৱেশ কৰিছিল। কথাবোৰ ঐতিহাসিক ভাৱে ক’লে ভাল হয়। আজি কোন সকল ভাষিক ভাৱে অসমীয়া জাতিৰ অঙ্গ, আৰু কোনবোৰ ভাষিক ভাৱে অসমীয়া ভাষাৰ দূৰৈত অৱস্থান কৰিছে; এইবোৰ কথা অধ্যয়ন কৰিলেই সকলো কথা ওলাই পৰে। গতিকে ভবিষ্যতে এনেধৰণৰ বিভ্ৰান্তি মূলক বিভাজনমুখী মন্তব্যৰ দিয়াৰ পৰা বিৰত থাকিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে সকীয়াই দিছে ৷ অন্যথাই আছাৰ লগতে অসমৰ আদিবাসী-চাহজনগোষ্ঠীৰ লোকসকলে দৈমাৰীৰ বিৰুদ্ধে যি কোনো ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী হাতত লবলৈ বাধ্য হব বুলি স্পষ্ট কৰিছে ৷

গতে পঢ়ক CBSE দ্বাদশ শ্ৰেণীৰ কেৱল গুৰু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply