সোণাৰি: অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু পৰিভ্ৰমণ কৰে ।

অধ্যক্ষ গৰাকীয়ে প্ৰথমে মৈদাম ক্ষেত্ৰত উপস্থিত হৈ অসম চৰকাৰৰ ২৫ কোটি টকা অনুদান আগবঢ়োৱা অসম পুৰাতত্ব বিভাগে চলাই থকা কামৰ অগ্ৰগতিৰ বুজ লয় , তাৰ পাছত ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ মৈদাম দৰ্শন কৰে ।

চৰাইদেউৰ মৈদাম পৰিদৰ্শনৰ সময় অধ্যক্ষ গৰাকীক সংগ দিয়ে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।ইয়াৰ পিছতেই অধ্যক্ষ গৰাকীয়ে ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰ পৰিদৰ্শন কৰে ।


উল্লেখযোগ্য যে অসম চৰকাৰে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সামাজিক, সাংস্কৃতিকৰ লগতে সকলো দিশ পৰ্যালোচনাৰ বাবে indigenous Tribal Feith and Culture বিভাগ খুলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত বিধানসভাক দায়িত্ব প্ৰদান কৰিছিল৷ তাৰেই অংশ হিচাবে অধ্যক্ষ গৰাকীয়ে অসমৰ সকলো ঐতিহাসিক সমল পৰিদৰ্শন কৰিছে ।

লগতে পঢ়ক- লাওখোৱা অভয়াৰণ্যত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply