নিউজ ডেস্ক : বুধবাৰে অলিম্পিকৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব অসম গৌৰৱ লাভলীনা বৰগোহাঁই। কাইলৈ দিনৰ ১১ বজাত লাভলীনাই তুৰ্কীৰ বক্সাৰ বুচানেজ চুৰমেনেলীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিব।
অসমৰ বক্সাৰ গৰাকীৰ প্ৰতি সমৰ্থন জনাই বুধবাৰে দিনৰ ১১ বজাত অসম বিধানসভাৰ অধিৱেশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উল্লেখযোগ্য যে কাইলৈৰ পৰা পুনৰ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ হ’ব। অৱশ্যে লাভলীনাক ছেমি ফাইনেলত সমৰ্থন জনোৱাৰ উদ্দেশ্যে ১১ বজাৰ পৰা ৩০ মিনিটৰ বাবে অধিৱেশন স্থগিত ৰখা হ’ব।
অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে বিধানসভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল।
কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনীজ টাইপেৰ চেন নিয়েন চিনক পৰাস্ত কৰি অলিম্পিকত পদক নিশ্চিত কৰাৰ লগতে প্ৰথম গৰাকী অসমীয়া পদক বিজয়ী হিচাপে ইতিহাস ৰচনা কৰে।
লগতে পঢ়ক : মনোজ বাজপায়ীৰ সৈতে বলিউডৰ নতুন ছবিত অসমৰ উৰ্মীলা মহন্ত