নিউজ ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ হ’ব ২০ ডিচেম্বৰৰ পৰা। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিবেশন।
এই অধিৱেশনত উত্থাপন কৰা হ’ব কেইবাখনো বিধেয়ক। ২১ ডিচেম্বৰত উত্থাপন হ’ব ২ খন চৰকাৰী বিধেয়কো।
ইফালে, এই অধিৱেশনত থাকিব সাধাৰণ প্ৰশ্ন-উত্তৰ শিতান আৰু দাবী মঞ্জুৰি প্ৰস্তাৱ। ইতিমধ্যে অসম চৰকাৰৰ কেইবাটাও সিদ্ধান্ত আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে সংঘটিত হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতিক লৈ সৃষ্টি হোৱা বিতৰ্ককলৈ বিৰোধীয়ে ইতিমধ্যে চৰকাৰক বিভিন্ন ধৰেণে সমালোচনা কৰিছে।