গুৱাহাটী : বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই সদন উত্তাল কৰিলে বিৰোধীয়ে। গৰুখুটিৰ উচ্ছেদ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ প্ৰথমদিনাই সদন উত্তাল কৰিলে বিৰোধীয়ে।
আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধীয়ে সদন উত্তাল কৰি তোলে। গৰুখুটিৰ উচ্ছেদ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ পুৱাই সদন উত্তাল হৈ পৰে।
বিৰোধীয়ে সভা স্থগিত কৰাৰ প্ৰস্তাৱ দিয়ে যদিও অধ্যক্ষই বিৰোধীৰ এই প্ৰস্তাৱ নস্যাৎ কৰে। বিৰোধীয়ে অধ্যক্ষৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ উত্থাপন কৰে। অধ্যক্ষই নীতি-নিয়মৰ মাজেৰে বিধানসভা চলিব বুলি কয়।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভাৰ সদন
অধ্যক্ষই তদন্তৰ বাবে জিলা উপায়ুক্তৰ ওচৰলৈ যাবলৈ কয়, বিধায়সভালৈ কিয় আহিছে বুলিও প্ৰশ্ন কৰে অধ্যক্ষই। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী আৰু গৰুখুটিৰ উচ্ছেদৰ বিষয়টো আলোচনা কৰিবলৈ দাবী জনায় বিৰোধীয়ে। বিষয়টো আলোচনা কৰিবলৈ অধিক সদস্যৰ সমৰ্থন লাগে।