প্ৰ’টেম অধ্যক্ষ ৰূপে শপত ল'লে ফনীভূষণ চৌধুৰীয়ে

আজি অসম বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল’লে বিধায়ক ফনীভূষণ চৌধুৰীয়ে। ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিবেশনৰ বাবে ইতিমধ্যে দিছপুৰত তৎপৰতা আৰম্ভ হৈছে ।

বুধবাৰে দিছপুৰৰ জনতা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ত ফনীভূষণ চৌধুৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰায় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ।

উল্লেখ্য যে, ৰাজ্যপালৰ অনুপস্থিতিত ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি মুখ্য সচিবে শপত বাক্য পাঠ কৰায় । প্ৰ’টেম অধ্যক্ষ ফনীভূষণ চৌধুৰীয়ে অহা ২১ মে’ত আন ১২৫ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব।

লগতে পঢ়ক আজিৰ দিনটোত ৰাজ্যত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply