কৰোনাত আক্রান্ত হৈ মৃত্যু মৃদুল ভূঞাৰ
কৰোনাত আক্রান্ত হৈ মৃত্যু মৃদুল ভূঞাৰ

নিউজ ডেস্কঃ দেশত প্ৰতিদিনে তীব্ৰগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা।

 যোৱা ২৪ ঘণ্টাত দেশত কৰোনাক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ৩০০০ অতিক্ৰম কৰিছে।

কৰোনাত আক্রান্ত হৈ অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু হয়।

গুৰুগ্রামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ভূঞাই।

মৃদুল ভূঞাৰ ঘৰ শিৱসাগৰত আছিল।

পাৱাৰ গ্রীডত এগৰাকী বিষয়া হিচাপে কৰ্মৰত আছিল মৃদুল ভূঞা।


দিল্লী আৰু গুৰুগ্রামৰ অসমীয়া সমাজৰ বাবে সেৱা আগবঢ়াইছিল ভূঞাই।

তেখেতৰ মৃত্যুত দিল্লী আৰু গুড়গাওঁ অসমীয়া সমাজে গভীৰ শোক প্রকাশ কৰিছে।


উল্লেখ্য যে,যোৱা ২৪ ঘণ্টাত ভাৰতত মৃত্যু হৈছে ৩,৬৪৫ গৰাকী ক’ভিড আক্ৰান্তৰ।

পৰিসংখ্যাৰ মতে যোৱা ১৪ ঘণ্টাত কৰোনাক্ৰান্তৰ মৃত্যুৰ হাৰ হৈছে ১.১২ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply