বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ ডিফলু চাহ বাগিচাৰ ৰঙ্গমঞ্চত সংগঠনটোৰ বোকাখাত শাখা সমিতিৰ উদ্যোগত তথা আটছাৰ মহিলা সমিতি বোকাখাত শাখা ,আটছা বোকাখাত উপশাখা ,ডিফলু বাগিছা সংঘ আৰু ডিফলু আটছা প্ৰাথমিক গোটৰ লগতে ডিফলুবাসী ৰাইজৰ সহযোগত দিনজোৰা কায্যসূচীৰে পালন কৰা হয় সংগঠনটোৰ ৩৪তম শ্বহীদ দিৱস।
চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে ২০দফীয়া দাবী পুৰণৰ বাবে ১৯৮৮ চনৰ ৭ জুনত সংগঠনটোৰ তৰফৰ পৰা ঘোষণা কৰা অসম বন্ধৰ লগতে বাগিচা বন্ধ কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ যাওঁতে জাতিটোৰ স্বাৰ্থত অকালতে প্ৰাণ আহুতি দিব লগা হৈছিল ইন্দ্ৰ তাঁতী, এডমাণ্ড ৱাৰ্লা, গোলেশ্বৰ ছত্ৰী, কৃৰ্তীনাথ ছত্ৰী আৰু বুলু কুৰ্মী নামৰ সংগঠনটোৰ ছয়জনকৈ ছাত্ৰই ।
জাতিটোৰ স্বাৰ্থত সৰ্বস্ৰ ত্যাগ কৰা তথা অকালতে মৃত্যু বৰণ কৰা এইসকল শ্বহীদৰ লগতে পৰৱৰ্তী সময়ত জাতিটোৰ হকে প্ৰাণ উছৰ্গা কৰা অন্যান্য সতীৰ্থ সকলৰ স্মৰণতে সংগঠনটোৱে প্ৰতিবছৰৰ ৭ জুনক পালন কৰি আহিছে শ্বহীদ দিৱস হিচাপে।
বোকাখাতৰ ডিফলু চাহ বাগিছাৰ ৰঙ্গমঞ্চত সংগঠনটোৱে আজি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বৃক্ষ ৰোপন, ৰোগীৰ মাজত ফলমুল বিতৰণ, শোভাযাত্ৰা তথা মুকলি সভাকেধৰি কৰি কেইটাও কাৰ্যসূচীৰে পালন কৰে শ্বহীদ দিৱস।
কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চাহ জনগোষ্ঠীৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ হেমচন্দ্ৰ পানিকাৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক, মুখ্য সাংগঠনিক সম্পাদক অনিত গড়, গোলাঘাট জিলা সমিতিৰ সম্পাদক কুমুদ কালিন্দী, বোকাখাত শাখা সমিতিৰ সভাপতি সুৰজিত পাইক, সম্পাদক অমিত সাগৰ তথা শাখা-উপশাখা সমিতিৰ অন্যান্য বিষয়ববীয়া-সদস্যৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন দল সংগঠনৰ নেতৃত্ব আৰু স্থানীয় ৰাইজ ।
ইফালে জাতিটোৰ স্বাৰ্থত চৰকাৰৰ ওচৰত জনাই অহা পূৰ্বৰ সকলো দাবীৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ লগতে অসম চৰকাৰক এইসকল শ্বহীদৰ প্ৰতি সন্মান জনাই জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীসমুহ অচিৰেই পুৰণ কৰিবলৈ আহ্বান জনায় সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই।