বোকাখাত, উত্তম কুমাৰ শৰ্মা: আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰী আন্দোলনৰ সুদীৰ্ঘ সংগ্ৰামৰ পৰিণতিত স্বীকৃতি লাভ কৰি নাৰীৰ অধিকাৰ আৰু মৰ্য্যদা প্ৰতিষ্ঠাৰ হকে ১৯১০ চনৰ ৮ মাৰ্চৰ পৰা সমগ্র বিশ্বতে পালন কৰি অহা নাৰী দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে বোকাখাততো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।
বোকাখাতৰ মেথনি চাহ বাগিচাৰ শ্ৰমিক ৰঙ্গমঞ্চত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।
পুৱা চাফাই কাৰ্যসূচীৰ লগতে পতাকা উত্তোলন, স্মৃতি তৰ্পন, মুকলি সভা আৰু বন্তি প্ৰজ্বলনেৰে আয়োজিত বিশ্ব নাৰী দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বোকাখাতৰ মহকুমাধিপতি নেহা যাৱদৰ লগতে প্ৰাক্তন আটছা নেতা ৰাজু ৰাজোৱাৰ, বিশিষ্টা সাহিত্যিক কল্পনা চেতীয়া আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী মামনি গাজলুৱে।
লগতে অনুষ্ঠানটোত উপস্থিত থাকে – অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণা ,কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত গড়,গোলাঘাট জিলা সম্পাদক সুশীল কালিন্দী,বোকাখাত শাখাৰ সভাপতি /সম্পাদক ক্ৰমে সুৰজিৎ পাইক আৰু অমৃত সাগৰৰ লগতে বিভিন্ন দল সংগঠনৰ সদস্য তথা স্থানীয় ৰাইজ।
ইফালে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই অনুষ্ঠানটোৰ মাজেৰে গঠন কৰা হয় অসম চাহ জনজাতি মহিলা সমিতিৰ এক শাখা সমিতিও।
চাহ জনগোষ্ঠীৰ মহিলা সকলৰ বাবে আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰি অসম চাহ জনজাতি মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী মামনি গাজলুৱে কয়, “নৱগঠিত চাহ জনজাতিৰ বোকাখাত মহিলা সমিতিৰ যোগেদি চাহ বাগিচা সমুহত মহিলা সকলৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে সদায়ে মাত মাতি যোৱাত দৃঢ় প্ৰতিজ্ঞ চাহ জনজাতি মহিলা সমিতি।
লগতে নাৰী দিৱসৰ তাৎপৰ্য বাখ্যা কৰি সমাজৰ প্ৰতি গৰাকী মহিলালৈ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে অনুষ্ঠানটোত উপস্থিত থকা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণাই ।
লগতে পঢ়ক – চুমিত আৱদ্ধ অন্তিম ৬৯৪ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ নিৰাপদ স্থানলৈ যাত্ৰা