নিউজ ডেস্ক: ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত নতুনকৈ গঠন হোৱা ডিমাছা নেশ্যনেল লিবাৰেচন ট্ৰাইবেল (ডি এন এল টি) নামৰ এটা সশস্ত্ৰ সংগঠনক এমাহ নৌহওঁতেই ‘নিষ্ক্ৰিয়’ কৰা হৈছে। ইতিমধ্যে সংগঠনটোৰ ‘সকলো কেডাৰ’ক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বুধবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।

যোৱা কিছুদিন ধৰি অসম ৰাইফলছৰ সহযোগত ডিমা হাচাও আৰক্ষীয়ে যুটীয়া অভিযান চলাই ডি এন এল টিৰ দুজন সক্ৰিয় কেডাৰক আটক কৰে।

তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে। পিছত ধৃত কেডাৰকেইজনক ডিমা হাচাওৰ মাইবং আৰক্ষী থানাত চমজাই দিয়া হয়।

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে জনোৱা মতে যোৱা ১৩ ছেপ্টেম্বৰত ৰাজ্যৰ পাহাৰীয়া জিলা দুখনত উক্ত সংগঠনটো গঠন কৰা হৈছিল।

লগতে পঢ়ক – কোকৰাঝাৰত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply