বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ ফাইল ফটো

নিউজ ডেস্ক : বিশিষ্ট লেখক তথা সাহিত্যিক ড০ নগেন শইকীয়াই বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰি দিয়াৰ পোষকতা কৰে। কিছুদিন পূৰ্বে শিলচৰত অসমীয়া ফলকত ক’লা ৰং সানি দিয়া কাৰ্য্য সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে এইদৰে কয়।

উক্ত ঘটনাক লৈ নিজৰ বাসগৃহত এখন সংবাদমেল সম্বোধন কৰি শইকীয়াই কয়, ‘বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত। আমি সদাই বিপদসংকুল মনোভাৱ লৈ জীয়াই থাকিব নোৱাৰোঁ।’

সংবাদমেলত তেওঁ বৰাকত অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি দিয়া কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰি কয় যে আমি সংঘাত আৰু হিংসা নহয় সমন্বয় আৰু শান্তি বিচাৰোঁ।

উল্লেখযোগে যে যোৱা শিলচৰ ৰে’ল ষ্টেচনৰ সন্মুখত থকা অসম চৰকাৰৰ এখন ফলকত অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি দিয়া হৈছিল। উক্ত ঘটনাক লৈ ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গোচৰ ৰুজু কৰিছিল।

পিছত উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল গুৱাহাটী পৌৰ নিগমৰ অভিযন্তা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply