কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইৰ ওৰাং তলিত আজি এটা সুগৰী পশু উদ্ধাৰ হয়। আজি দিনৰ ভাগত এটা এজাক কুকুৰে খেদি অনাৰ ফলত পশুটোৱে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে এখন পিতনিত আশ্ৰয় লৈছিল।
কুকুৰৰ জাকটোৰ পৰা বাচিবলৈ পিতনিত সোমাই পশুটো বোকাত আবদ্ধ হৈ পৰে। স্থানীয় একাংশ সচেতন লোকে বোকাত আবদ্ধ প্ৰাপ্তবয়স্ক সুগৰী পশুটো প্ৰত্যক্ষ কৰি কুকুৰ জাকটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইফালে পশুটো বোকাৰ পৰা উদ্ধাৰ কৰি স্থানীয় লোকে বনবিভাগক খবৰ দিয়ে। ঘটনাস্থলীত নুমলীগড় খণ্ড বনবিষয়া প্ৰাঞ্জল বৰা নেতৃত্বত এটি বনকৰ্মীৰ দল খুমটাইৰ ওৰাং তলিত উপস্থিত হৈ পশুটো চমজি লয়।
প্ৰাপ্তবয়স্ক পশুটো এটা ঠেং ভাঙি থকা প্ৰত্যক্ষ কৰি আঘাতপ্ৰাপ্ত পশুটো বনকৰ্মীৰ দলটোৱে তাৎক্ষণিকভাৱে বোকাখাতৰ পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
লগতে পঢ়ক – মণিপুৰ নিৰ্বাচন; শনিবাৰে দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ