নিউজ ডেস্ক : ব্যবসায় বানিজ্যৰ প্ৰতি অসম মানুহৰ আগ্ৰহ সাধাৰণতে কম দেখা যায় যদিও এই ক্ষেত্ৰত অসমৰ আন জিলাসমূহৰ তুলনাত বৰপেটা জিলা কিছু ব্যতিক্ৰম। অতীজৰ পৰাই বৰপেটাৰ মানুহ ব্যৱসায়ত আগবঢ়া।

ব্যৱসায়ীক চহৰ হিচাপে বৰপেটা ৰ’ডৰ এক সুকীয়া চিনাকি আছে। ইয়াৰ উপৰি জিলাখনৰ ভালে কেইগৰাকী লোক বৰ্তমান ৰাজ্যখনৰ প্ৰতিষ্ঠিত তথা আগশাৰীৰ ব্যৱসায়ী।

শেহতীয়াকৈ প্ৰকাশ পোৱা এক সমীক্ষাত দেশৰ ব্যৱসায়ীক মানচিত্ৰত বৰপেটা জিলাই লাভ কৰিছে এক বিশেষ স্থান। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ষ্টক মাৰ্কেটত বিনিয়োগ কৰা ভাৰতৰ জিলা সমূহৰ ভিতৰত বৰপেটাই লাভ কৰিছে অষ্টম স্থান।

নেশ্যনেল ষ্টক এক্সেঞ্জৰ তথ্য মতে, আগষ্ট মাহৰ নতুন বিনিয়োগকাৰীৰ ভিতৰত .৮% হৈছে বৰপেটা জিলাৰ। উল্লেখযোগ্য যে, যোৱা মাৰ্চ মাহৰ পৰাই বৰপেটা জিলা ষ্টক মাৰ্কেটত বিনিয়োগ কৰা দেশৰ ১০ খন শীৰ্ষ জিলাৰ ভিতৰত আছে।

আগষ্ট মাহত ষ্টক মাৰ্কেটত বিনিয়োগ কৰা দেশৰ ১০ খন শীৰ্ষ স্থানত থকা জিলা হৈছে দিল্লী (৫.৯ শতাংশ), মুম্বাই (৫.৮ শতাংশ), পুনে (২ শতাংশ), আহমেদাবাদ (১.৯ শতাংশ), ছুৰাট (১.৬ শতাংশ), বেংগালুৰু (১.৫ শতাংশ), জয়পুৰ (১.৫ শতাংশ), বৰপেটা (১.৮ শতাংশ), হায়দৰাবাদ (১.৮ শতাংশ), ৰাংগা ৰেড্ডি (১.৮ শতাংশ)।

লগতে পঢ়ক : UPSC ৰ Civil Services-ত অসমৰ হাছানুজ্জামান চৌধুৰীৰ স্থান লাভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply