গুৱাহাটী: ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ BCPL-এ পৰিশোধ কৰিব লগীয়া মুঠ ২১২.৬৫ কোটি টকাৰ লাভাংশৰ পেইড-আপ ইকুইটি শ্বেয়াৰ কেপিটেলত ১৫ শতাংশ লাভাংশ ঘোষণা কৰিছে, শুকুৰবাৰে প্ৰতিষ্ঠানটোৱে এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে।
নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলি কোম্পানীটোৰ ১৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ভাষণ দি বি চি পি এলৰ অধ্যক্ষ এম ভি আয়াৰে কয় যে ২০২১-২২ বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৱে মুঠ ৩৭১৫.০৬ কোটি টকাৰ ব্যৱসায়ীক লেনদেন কৰিছে, এই সময়ছোৱাত প্ৰতিষ্ঠানটোৰ মুঠ লাভ পৰিমাণ হৈছে ৬৯০.৫৩ কোটি টকা।
তেওঁ লগতে কয় যে ১০০.৪৬ শতাংশ capacity utilisation-ৰ জৰিয়তে উদ্যোগটোয়ে ২.৭২ লাখ মেট্ৰিক টন পলিমাৰ আৰু ৫৫,৯২৩ মেট্ৰিক টন লিকুইড হাইড্ৰ’কাৰ্বন উৎপাদন কৰাত সফল হৈছে।
বৰ্তমান BCPL-ৰ অনুমোদিত শ্বেয়াৰ কেপিটেল হৈছে ২০০০ কোটি টকা আৰু পেইড আপ কেপিটেল হৈছে ১৪১৭.৬৭ কোটি টকা।
উল্লেখযোগ্য যে ২০২১-২২ বিত্তীয় বৰ্ষৰ সময়ছোৱাত কোম্পানীটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (CSR) কাৰ্যকলাপৰ বাবে ১৯.১০ কোটি টকাৰ ধন ধাৰ্য কৰা হৈছিল।
গ্ৰাহকৰ মাজত কোম্পানীটোৰ বিশ্বাসযোগ্যতাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাৰ লগে লগে ইয়াৰ মাৰ্কেট শ্বেয়াৰো সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ভাৰ্চুৱেল মিটত BCPLৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকা, সঞ্চালক (বিত্ত) পূৰ্ণিবিৰাজ দাসকে ধৰি BCPL ব’ৰ্ডৰ অন্যান্য সদস্য আৰু কোম্পানীটোৰ শ্বেয়াৰ হল্ডাৰসকল উপস্থিত আছিল।
লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?