নিউজ ডেস্কঃ মৰিগাঁও জিলাৰ দুখনকৈ মাদ্ৰাছাত আনছাৰুল্লাহ বাংলাদেশীৰ শ্লিপাৰ চেল সক্ৰিয় হৈ থকাৰ প্ৰমাণ পোৱাৰ পিছতে ৰাজ্যৰ মাদ্ৰাছাসমূহত জেহাদী কাৰ্যকলাপ চলি থকা সন্দৰ্ভত চোৰাংচোৱাই লাভ কৰা তথ্য সত্য প্ৰমাণিত হৈছে। বাংলাদেশ চৰকাৰে নিষিদ্ধ ঘোষণা কৰা সংগঠন আনছাৰুল্লাহ বাংলা টীম (এ বি টি) অসমত সক্ৰিয় হৈ কাম কৰি থকাৰ অংশ হিচাপে মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণ দিছিল৷ বৃহস্পতিবাৰে প্ৰশাসনে উচ্ছেদ কৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছা। সমগ্ৰ অসমত চৰকাৰী আৰু বেচৰকাৰী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্বমুঠ ৯৫০খন মাদ্ৰাছাৰ অধিকাংশ মাদ্ৰাছা হোজাই, নগাঁও, বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলাত অৱস্থিত।
অসম আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থা আৰু আন ৰাজ্যৰ আৰক্ষীৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই অসম যে মৌলবাদৰ ‘হটবেড’ত পৰিণত হৈছে, সেই কথা উদ্ঘাটন কৰিছে৷
আনছাৰ আল-ইছলামৰ সৈতে জড়িত থকাৰ অভিযোগত মৰিগাঁও আৰু বৰপেটা জিলাৰ পৰা ২৮ জুলাইত অসম আৰক্ষীয়ে কমেও ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। ২৭ জুলাইত অসম আৰক্ষীয়ে গোৱালপাৰা জিলাৰ পাখীউৰা গাঁৱৰ পৰা আব্বাছ আলী নামৰ এজন ২২ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। আনছাৰ আল-ইছলামৰ এজন সদস্যক আশ্ৰয় দি থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্বাছ আলীক। ইতিমধ্যে অসম আৰক্ষীয়ে আনছাৰ আল-ইছলামৰ লগত জড়িত থকাৰ অভিযোগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৩০ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ”অসমৰ তিনিখন জিলাত ঘাটি স্থাপন কৰি অসমক মৌলবাদৰ হট বেডত পৰিণত কৰা হৈছে৷ ইয়াৰে মৰিগাঁও জিলাক জেহাদীয়ে ‘হাব’ত পৰিণত কৰিছে৷ বাংলাদেশৰ পৰা পশ্চিম বংগইদি অসমত প্ৰৱেশ কৰি ভাৰতক আল-কায়দাৰ উপ-মহাদেশত পৰিণত কৰাৰ লক্ষ্যত অসমত জ্বলন্ত পৰিৱেশ সৃষ্টি কৰাৰ বাবে জেহাদীয়ে কাম কৰি আছে।”
অসম আৰক্ষীৰ অভিযানত মছজিদৰ ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকে জেহাদৰ শিক্ষা দিয়াৰ কথা পোহৰলৈ অহাৰ পাছত আন স্থানৰ পৰা অহা ইমাম আৰু মাদ্ৰাছা শিক্ষকৰ সম্ভেদ পালেই আৰক্ষীক অৱগত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহবান জনাইছে৷
মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত মছজিদ আৰু মাদ্ৰাছাৰ পৰাই জেহাদীয়ে জেহাদৰ শিক্ষা বা প্ৰশিক্ষণ দি অহাৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে। কোভিডৰ সময়ত চৰকাৰ ব্যস্ত থকাৰ সময়ত বৰপেটাত জেহাদীয়ে বন্দুকৰ প্ৰশিক্ষণো দিয়াৰ তথ্য লাভ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ অসমলৈ বাংলাদেশৰ পৰা ৬টা জেহাদী আহি সক্ৰিয় হৈ কিছুমান শ্লীপাৰ চেল সৃষ্টি কৰিছিল৷