নিউজ ডেস্ক : অসমীয়া ভাষাৰ প্ৰতি চৰম অপমান প্ৰদৰ্শন কৰি বৰাকৰ দুটা বেংগলী সংগঠনে শিলচৰত অসমীয়া ভাষাৰ ফলকৰ ওপৰত ক’লা ৰং সানি দিয়া ঘটনাই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাজ্যৰ বিভিন্ন দল-সংগঠনে উক্ত ঘটনাক কঠোৰভাৱে গৰিহণা দিয়াৰ লগতে ইয়াৰ সৈতে জড়িত থকা ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী তুলিছে।

সোমবাৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই উক্ত কাণ্ডকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমত অসমীয়া ভাষাক অপমান কৰা সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে।

তদুপৰি ৰাজ্যত অসমীয়া ভাষাৰ মৰ্যাদা অটুট ৰাখিবলৈ চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি দায়িত্ব পালন কৰে সেয়া লক্ষণীয় হ’ব বুলি তেওঁ কয়।

উক্ত কাৰ্য্যক কঠোৰ ভাষাৰে সমালোচনা কৰি লুৰিণজ্যোতি গগৈয়ে কয়, ‘অসমীয়া ভাষাৰ ওপৰত এনেকুৱা আক্ৰমণ ‘কা’ জাপি দিয়াৰ পিছতে হ’ব বুলি আমি আশংকা প্ৰকাশ কৰিছিলো।

যিসমূহ ‘বিভাজনকামী শক্তিয়ে’ অসমীয়া ভাষাক ‘নিশেষ’ কৰিবৰ কাৰণে উঠি-পৰি লাগিছে সেই শক্তিসমূহৰ বিৰুদ্ধে অসম চৰকাৰক ‘দৃষ্টান্তমূলক শাস্তিৰ’ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম জাতিয় পৰিষদে দাবী জনাই বুলি তেওঁ লগতে কয়।

আনহাতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই উক্ত ঘটনাৰ সৈতে জড়িত থকা ব্যক্তিক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাই কয় যে ইয়াৰ অন্যথা সংগঠনটোৱে ‘নিজাববীয়াকৈ ব্যৱস্থা কৰিব’ বুলি সকিয়াই দিয়ে।

ইপিনে বৰাকত অসমীয়া ভাষা অপমানৰ সন্দৰ্ভত প্ৰাক্তন আলফা অনুপ চেতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমীয়াৰ স্বাভিমানক আঘাত হানিব পৰা কোনো কামেই গ্ৰহণযোগ্য নহয়।

‘বৰাকৰ বাঙালী ভাষী ৰাইজে এই দুষ্কৃতিকাৰী সকলক উপযুক্ত শাস্তি দিয়াৰ ব্যবস্থা কৰাব লাগে। সম্প্ৰীতি নষ্ট হ’লে ইয়াৰ বাবে জগৰীয়া হ’ব তেওলোক। চৰকাৰেও এই বিষয়সমূহ গুৰুত্বসহকাৰে ল’ব লাগে,’ চেতিয়াই কয়।

উল্লেখযোগ্য যে বাংলা ডেমক্ৰেটিক ফ্ৰণ্ট আৰু এ বি ৱাই এছ নামৰ বৰাকৰ দুটা সংগঠনে শিলচৰ ৰে’ল ষ্টেচনৰ সন্মুখত থকা এখন অসমীয়া ভাষাৰ ফলকৰ ওপৰত ক’লা ৰং সানি তাৰ ঠাইত ‘বাংলা লিখুন’ বুলি লিখি দিয়ে।

সংগঠন দুটাৰ মতে বৰাকত আৰু বিশেষকৈ শিলচৰ ৰে’ল ষ্টেচনৰ সন্মুখত অসমীয়া ভাষাৰ ফলক লগোৱা কাৰ্য্য বঙালী জাতি, বঙালী ভাষা আৰু ভাষা আন্দোলনৰ চহিদৰ প্ৰতি অপমান বুলি মন্তব্য কৰিছিল।

ইয়াৰ উপৰি সংগঠন দুটাই বৰাকত ‘অসমীয়া ভাষা চলবে না’ বুলি সকীয়নি দিয়া দেখা যায়।

অসমীয়া ভাষা মচি দিয়া কাৰ্য্যক গৰিহণা দি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এনে কাৰ্য্য নিন্দনীয় বুলি মন্তব্য কৰে। ‘অসমীয়া ভাষাৰ বেনাৰত ক’লা ৰং সানি দিয়াতকৈ লগতেই আঁৰি দিব পাৰিলেহেঁতেন বাংলা ভাষাৰ বেনাৰ। কিন্তু এনেদৰে বেনাৰৰ পৰা অসমীয়া ভাষা মচি দিয়াটো সঁচাকৈয়ে নিন্দনীয়,’ শুক্লবৈদ্যই কয়।

লগতে পঢ়ক : চৰকাৰক ৰাজনৈতিক ভাৱে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কোঁচ-ৰাজবংশীসকল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply