বৃহস্পতিবাৰে আবেলি নগাঁও-পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী বামুণী পাহাৰৰ তপতজুৰিত ১৮টাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল, বন বিভাগে ব্ৰজপাতৰ ফলত হাতী কেইটাৰ মৃত্যু ঘটা বুলি সন্দেহ কৰিছে। মৃত্যু হোৱা ১৮টা হাতী এটা ৪০ জনীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা বুলি অনুমান কৰা হৈছে। হাতী বিশেষজ্ঞৰ মতে কাণ্ডালি প্ৰপ’জড ৰিজাৰ্ভ ফ’ৰেষ্টৰ অধীনস্থ বামুণী পাহাৰত থকা কাঞ্চনজুৰি হাতীৰ প্ৰাকৃতিক আৱাসভূমি।

বন বিভাগৰ হিচাপ মতে মৃত হাতী কেইটাৰ ভিতৰত ১০ জনী মাইকী হাতী, ৩ টা পোৱালি হাতী আৰু ৫ টা মহা হাতী আছিল। ‘হাতী কেইটাৰ ছালত পুৰা দাগ দেখা দেখা গৈছে, সেয়ে ব্ৰজপাতৰ ফলত হাতী কেইটাৰ মৃত্যু হোৱা বুলি অনুমান কৰিব পাৰি। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টলৈ আমি অপেক্ষা কৰিব লাগিব।’-বন সংমণ্ডল বিষয়া বসন্থান বিয়ে কয়।

তেওঁ লগতে কয়, ‘কাৰ্বি-আংলঙৰ সমীপৱৰ্তী বামুণী পাহাৰ হাতীৰ এক জনাজাত বসতিস্থল।‘

উক্ত ঘটনাৰ প্ৰকৃত সত্যক লৈ বিভিন্ন মহলত চৰ্চা হৈছে। কংগ্ৰেছ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ব্ৰজপাতৰ ফলত ১৮টা হাতীৰ মৃত্যু হোৱা ঘটনাত আচৰ্য্য প্ৰকাশ কৰি কৰিছে। সামাজিক মাধ্যমত দিয়া এক প’ষ্টত তেওঁ ‘এটা ব্ৰজপাতত কেনেকৈ ১৮টাকে হাতীৰ মৃত্যু হ’ব পাৰে?’ বুলি প্ৰশ্ন উত্থাপন কৰে।

গ্ৰীণ গাৰ্ড নেশ্যাৰ অৰ্গেনাইজেশ্যন নামৰ সংগঠনটোৰ সৈতে জড়িত এগৰাকী বন্যপ্ৰাণী বিশেষজ্ঞ বিনোদ দুলু বৰাই তেওঁৰ দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। ‘আমি যিমানখিনি প্ৰমাণ গোটাব পাৰিলো তাৰ পৰা হাতী কেইটাৰ ব্ৰজপাতৰ ফলত মৃত্যু যেন লাগিছে। হাতীৰ ছালত পুৰা দাগ আছে। কিছুমান গছো জ্বলি গৈছে।’ বৰাই কয়।

‘পাহাৰ কেইটাত মাটিৰ পৰিমাণ একেবাৰে তাকৰ। পৰ্য্যাপ্ত মাটি থকা হ’লে ক্ষতিৰ পৰিমাণ হয়টো কম হ’ল হয়’ তেওঁ লগতে কয়।

বামুণী পাহাৰটো বনৰীয়া হাতীৰ প্ৰাকৃতিক বসতিস্থল বুলি উল্লেখ কৰি ধান চপোৱাৰ পিছৰ এই মাহ কেইটাত হাতীৰ জাকটোৱে প্ৰায় ১৫ৰ পৰা ২০ কিলোমিটাৰ ব্যাসাৰ্ধত খাদ্যৰ সন্ধানত চলা-ফুৰা কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

শুকুৰবাৰে বন মন্ত্ৰী পৰিমল শুক্লবদ্যই ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ অহাৰ খবৰ পাই অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চি পি আইৰ নগাঁও গোট ঘটনাস্থলীলৈ ৰাওনা হয়। যুৱ ছাত্ৰ পৰিষদৰ স্থানীয় নেতা প্ৰাগজ্যোতিষ বনিয়াই অঞ্চলটোত চোৰাং কাঠ আৰু পাথৰ কুৰেৰি চলি থকাৰ অভিযোগ তুলি উক্ত ঘটনাত এনে চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি ইয়াৰ উচিত তদন্তৰ দাবী জনায়।

আনহাতে, উক্ত ঘটনাৰ সমীপৱৰ্তী মিকিৰ বামুণী অঞ্চলৰ স্থনীয় বাসিন্দা ছেমচন ইংতিয়ে ইয়াৰ বাবে মিকিৰ বামুণীত এঝিউৰ পাৱাৰ ফৰ্টি কোম্পানিয়ে স্থাপন কৰা ১৫ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্পক দোষাৰোপ কৰে। তেওঁ কয়, ‘এই অঞ্চলটো যে হাতীৰ বসতি অঞ্চল সেই কথা আমি কৈ অহাৰ লগতে এই প্ৰকল্পৰ বিৰোধিতা কৰি আহিছো। সৌৰ শক্তি প্ৰকল্পক আমাৰ কৃষিমাটি অবৈধভাৱে গটোৱাৰ উপৰি নগাঁও বন বিভাগৰ ফালৰ পৰা কোম্পানিটোলৈ ন’ অবজেকশ্যন চাৰ্টিফিকেট দিয়া হয়।‘

মিকিৰ বামুণীৰ পথাৰত হাতীৰ খোজ য’ত প্ৰস্তাৱিত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হৈছে

লগতে পঢ়ক : নগাঁৱৰ মিকিৰ বামুণীত বহুজাতিক শৌৰ-শক্তি কোম্পানিক সুৰক্ষা দিয়াৰ স্বাৰ্থত CRPF মোতায়েন; শংকিত গাঁওবাসী

হাতী কেইটাৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা ৩ কিলোমিটাৰতকৈ কম দূৰত্বৰ মিকিৰ বামুণী গ্ৰাণ্টত প্ৰায়ে হাতীৰ আহ-যাহ চলি থাকে বুলি উল্লেখ কৰি ইংতিয়ে কয় যে মাত্ৰ দুদিন পূৰ্বে এঝিউৰ কোম্পানিয়ে তাত ফ্লাড লাইট লগাইছে। হাতীয়ে আনকি বহুকেইবাৰ কোম্পানিয়ে বেৰা দিবলৈ লগোৱা ফেঞ্চিঙো ভাঙিছে বুলি তেওঁ জনায়। অঞ্চলটোত বৰ্তমান চি আৰ পি এফ মোতায়েন কৰা আছে।

চি পি আই-এ মৃত হাতী কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট ৰাজহুৱা কৰাৰ লগতে মিকিৰ বামুণীত এঝিউৰ কোম্পানিয়ে চলাই থকা সৌৰ শক্তি প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ দাবী জনাই বন মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। নগাঁও জিলা চি পি আইৰ সম্পাদ ৰাতুল বৰাই ইষ্টম’জ’ক এই কথা জনায়। ২০১৮ চনৰ ৯ আগষ্টত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ (এক ৰাজহুৱা শুনানিৰ ভিত্তিত এলিফেণ্ট ক’ৰিডৰত পৰাৰ বাবে তামিলনাণ্ডৰ ৩৯খন ৰিজৰ্ট বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল)ৰ প্ৰসংগ টানি আনি তেওঁ কয়, ‘সেইবিলাক ৰিজৰ্ট আৰু ৰেষ্টোৰাঁ আছিল কিন্তু আমাৰ ইয়াত হাতীৰ বসতি অঞ্চলৰ তেনেই ওচৰত ঔদ্যোগিক কাৰ্য্য চলাই থকা হৈছে। কৃষিভূমিক এইদৰে উদ্যোগ স্থাপনৰ বাবে গতাই দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে এই দিশবিলাক বিবেচনা কৰা উচিত।‘

মূল লেখা : Assam: Beyond the lightning strike, Nagaon elephants face unseen threat

আনহাতে, পৰিৱেশকৰ্মী তথা Assam Environmental NGO Forum-ৰ সমন্বয়ক মলয় বৰুৱাৰ মতে অসমত এলিফেণ্ট কৰিডৰ চিনাক্ত কৰাটো জটিল। ‘অসমত য’তে পাহাৰ আছ তাতে হাতী থাকে। নগাঁৱৰ এই ঠাইখিনিক ইমান সহজে হাতীৰ কৰিডৰ বুলি ক’ব নোৱাৰি। ই নিশ্চয় হাতীৰ বসতি অঞ্চল হয়। অৱশ্যে আমাৰ এলিফেণ্ট কৰিডৰতো উদ্যোগ স্থাপন হৈছে, শোণিতপুৰৰ বাবা ৰামদেবৰ পটঞ্জলি প্লাণ্ট এলিফেণ্ট কৰিডৰত পৰে।‘

২০১৭ চনত চলোৱা এক অধ্যয়ণ মতে অসমত ৫৭১৯টা হাতী আছে। কৰ্ণাটকৰ পিছতে অসমত হাতীৰ সংখ্যা ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক যদিও অসমকে ধৰি উত্তৰ-পূবত মাত্ৰ ২৩টা এলিফেণ্ট কৰিডৰ আছে।

মূল লেখক : অনুপন চক্ৰবৰ্তী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply