নিউজ ডেস্ক: অসম চৰকাৰে আজি জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে।
চৌধুৰীয়ে বৰ্তমান ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
উল্লেখযোগ্য যে অসম লোক সেৱা আয়োগৰ অধ্যক্ষৰ পদত এইবাৰ প্ৰথমবাৰৰ বাবে অসম অসামৰিক সেৱাৰ পৰা অহা এগৰাকী বিষয়াই নিযুক্তি লাভ কৰিছে।
ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ভাতৃ ভাৰত ভূষণ দেৱ চৌধুৰী অসম অসামৰিক সেৱাৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ নলবাৰীকে ধৰি নৱ গঠিত বজালী জিলাৰ প্ৰথমগৰাকী উপায়ুক্ত হিচাপেও দায়িত্ব পালন কৰিছিল।
লগতে পঢ়ক – নলবাৰীত দুই পুত্ৰক বিহপান কৰাই পিতৃৰ আত্মহত্যা