গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চম দিনা সদনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ক’ভিড ভেকচিনক কেন্দ্ৰ কৰি সদনত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। হুলস্থুলীয়া পৰিৱেশৰ বাবে অধ্যক্ষই বিয়লি তিনি বজালৈ স্থগিত ঘোষণা কৰে সদন।
শুকুৰবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দিনা সদন উত্তপ্ত হৈ পৰে। অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত বাজেট দাখিল কৰাৰ পূৰ্বেই ক’ভিড ভেকচিনকলৈ উত্তাল হৈ পৰে সদন। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক’ভিড ভেকচিন সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰ দিছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
লগতে পঢ়ক : জামুগুৰিহাটত জীয়া ভৰলী নৈত যুৱক সন্ধানহীন
স্বাস্থ্যমন্ত্ৰীৰ উত্তৰৰ মাজতে বিধায়ক ভৰত নৰহে মন্তব্য কৰাত সদনৰ পৰিৱেশ উত্তাল হৈ পৰে। সদনৰ উত্তপ্ত পৰিস্থিতি দেখি অধ্যক্ষই সদন স্থগিত কৰে। অধ্যক্ষই বিয়লি তিনি বজালৈ সদন স্থগিত কৰে।