বোকাখাত, উত্তম কুমাৰ শৰ্মা: পদুলিৰ মুখত হেপাঁহৰ ৰঙালী, চৌদিশে ৰঙালীক আদৰাৰ এতিয়া ভীষন প্ৰস্তুতি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহীৰ পুৰণি সত্ৰত বিহুৰ আখৰাৰ ব্যাপক প্ৰস্তুতি।
অঞ্চলটোৰ কলা-সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত মণিকাঞ্চন কলা কেন্দ্ৰত বিহুৰ আখৰাত ব্যস্ত অৰ্ধশতাধিক চেমনীয়াৰ লগতে কিশোৰ কিশোৰী।
ইফালে কভিডসৃষ্ট পৰিবেশৰ বাবে বিগত দুটা বছৰে বিহু পালনত অসমৰ্থ হোৱা অন্যতম সংস্কৃতিবান অঞ্চলটোত এইবাৰ ৰঙালী উপলক্ষে বিশেষ উচ্ছাহ বৃদ্ধি পোৱা পৰিলক্ষিত হোৱাৰ লগতে আয়োজন কৰা হৈছে কেইবাখনো বিহুৰ কৰ্মশালা।
শেহতীয়াকৈ ১৫ দিনীয়া কৰ্মশালা সামৰি হেপাঁহৰ ৰঙালীক আদৰিবলৈ সাজু হোৱা মণিকাঞ্চন কলাকেন্দ্ৰৰ চেমনীয়া সকলে শনিবাৰৰ দিনটোত গুৰু বন্দনাৰে অন্তিম আখৰাত ভাগ লোৱা পৰিলক্ষিত হ’ল।
লগতে পঢ়ক – নগাৱৰ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে উঠিল যৌন নিৰ্যাতনৰ অভিযোগ