কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰদিহিঙিয়া, বুধবাৰী, গেলেকীয়াল নামঘৰত দিনযোৰা কাৰ্যসূচীৰে মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰা হয়।

বৰদিহিঙিয়া বৰ নামঘৰত শংকৰদেৱ সংঘৰ মহুৰা আঞ্চলিক শাখাৰ অন্তৰ্গত নৱজ্যোতি, অৰুণোদয়, বনমালী বৃন্দাবন, বৰদিহিঙিয়া প্ৰাথমিক শাখাই খুমটাইৰ গেলেকীয়াল নামঘৰত সংঘৰ গোবিন্দ প্ৰাথমিক শাখাই আৰু বুধবাৰী নামঘৰত শংকৰদেৱ সংঘৰ বোকাখাত জিলা শাখাৰ অন্তৰ্গত মহুৰা আঞ্চলিক শাখাই মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰে।

যবৰদিহিঙিয়া গাঁও নামঘৰত মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে পতাকা উত্তোলন কৰে শংকৰ সংঘৰ বোকাখাত জিলা শাখাৰ প্ৰাক্তন মূলৰ সদস্য ধৰ্মেশ্বৰ হাজৰিকাই আৰু বুধবাৰী নামঘৰত ধৰ্মধ্বজা উত্তোলন কৰে আঞ্চলিক শাখাৰ সভাপতি ইন্দ্ৰেশ্বৰ বৰুৱাই। 

উল্লেখ্য যে মাধৱদেৱৰ জন্ম জয়ন্তী লগত সংগতি ৰাখি পুৱা প্ৰাতঃ প্ৰসংগ, নাম প্ৰসঙ্গ, খোল প্ৰসংগ আদি কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে বুধবাৰী প্ৰাথমিক শাখাৰ বাৰ্ষিক নাম অনুষ্ঠিত কৰা হয় । সন্ধিয়া সংঘৰ বাপ আই সকলে নামঘৰৰ চৌহদত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে।

লগতে পঢ়ক –  বৃদ্ধ দম্পতীসহ তিনিজনক হত্যা, মহিলাৰ মুণ্ড কাটি গছত ওলমাই থলে হত্যাকাৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply