গুৱাহাটী – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বিভাগীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ –

  • জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব
  • জন্মৰ ক্ষেত্ৰত ডিচাৰ্জৰ সময়ত অভিভাৱক আৰু মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ক প্ৰমাণ পত্ৰ দিব লাগিব
  • এক শক্তিশালী অংগ সংস্থাপন নেটৱৰ্ক ব্যৱস্থা গঢ়ি তোলা হ’ব।
  • এন এইচ এমৰ উদ্যোগত এহাজাৰ স্বেচ্ছাসেৱকৰে তিনিদিনীয়া স্বাস্থ্য উৎসৱৰ আয়োজন
  • ৰাজ্যত কমেও ৫ টা এন এইচ এমৰ আঞ্চলিক কাৰ্যালয় অসম প্ৰশাসনিক বিষয়াৰ নেতৃত্বত স্থাপন কৰা হ’ব।
  • দলটোৱে নিজ নিজ এলেকাৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় কাম কৰিব।
  • NHM এ ৰাজ্যৰ দুৰ্গম অঞ্চলসমূহৰ মূল্যায়ন কৰিব আৰু স্বাস্থ্য সেৱাসমূহ অধিক সুলভ কৰি তোলাৰ বাবে উন্নত মানৰ পথ নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগৰ সৈতে কাম কৰিব।

ইয়াৰ উপৰি স্বাস্থ্য, মহিলা আৰু শিশু উন্নয়ন বিভাগসমূহে অধিক ক্ষীপ্ৰতাৰে কাম কৰাৰ লগতে মহিলা আৰু শিশুৰ স্বাস্থ্যৰ বাবে পুষ্টি কেন্দ্ৰসমূহক অধিক সক্ৰিয় কৰি তুলিব। চিকিৎসালয়ত ফাৰ্মাচী চলোৱাৰ ক্ষেত্ৰত আছাম মেডিকেল ছাৰ্ভিচেছ কৰ্প’ৰেশ্যন লিমিটেডৰ পৰিসৰ বৃদ্ধি কৰা হ’ব। য’ত ৰোগীৰ বাবে ৰাজসাহায্যযুক্ত হাৰত ঔষধ উপলব্ধ কৰা হ’ব। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply