নিউজ ডেস্কঃ ”বিজেপিয়ে এইবাৰ বিধানসভাৰ নিৰ্বাচনত অকলেই লাভ কৰিব ৭০খন আসন”। এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে।

আজি মহানগৰীৰৰ হেঙেৰাবাৰীস্থিত  বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি  বিজেপিৰ সাম্ভাব্য বিজয়ীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে।

তালিকাখনত প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে ৭০খন, এজিপিয়ে ৮ আসন, ইউ পি পি এল ৫ খন আৰু বাকী ২১খন আসনৰ সন্দৰ্ভত নিশ্চিত নহয় বুলি উল্লেখ কৰে।

মুঠতে বিজেপি মিত্ৰজোঁটে ৮৩খন আসনত জয় লাভ কৰিব বুলি ৰাজ্যিক বিজেপিয়ে নিজাববীয়াকৈ প্ৰস্তুত কৰা EXIT POLL ৰ এই তালিকাত প্ৰকাশ পাইছে।

উল্লেখ্য যে কালি দেশৰ ৬টাকৈ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা একজিট প’ল মতে বিজেপি মিত্ৰদলে চৰকাৰ গঠন কৰাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে শক্তিশালী বিৰোধী হিচাবে নিৰ্বাচিত হ’ব বুলি প্ৰকাশ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply