বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতত আজি সম্পন্ন হ’ল পৌৰসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া। ফলাফল স্বৰূপে বিৰোধীক ধুলিসাৎ কৰি মুঠ ১০ টা ৱাৰ্ডৰ ৯ টাতে বিজয় সাব্যস্ত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ।

ইফালে বিজয় সাৱস্ত্য কৰাৰ পিছতে একাংশ বিজেপি কৰ্মকৰ্তাই আতচবাজি ফুটাই হৰ্ষোল্লাস কৰাৰ মাজতে বোকাখাতৰ আৰক্ষী বিষয়া বিতুপন চুতীয়াক শাৰিৰীকভাৱে অপদস্থ কৰে একাংশ বিজেপি কৰ্মীয়ে।

জানিব পৰা মতে ভোট গণনাৰ শেষত জয়ী হোৱা বিজেপি প্ৰাৰ্থীসকলক লগত লৈ একাংশ বিজেপি সমৰ্থকে বোকাখাত নগৰৰ মাজ মজিয়াত থকা অটল বিহাৰী বাজপেয়ী ভৱনলৈ শোভাযাত্ৰা উলিয়াই উক্ত কাৰ্যালয়ৰ সন্মুখতে আতচবাজি ফুটাই বিজয়োল্লাসৰ পালন কৰে যদিও বিজেপি কাৰ্যালয়টোৰ গাতে লাগি থকা “গ্ৰীনমুন” নামৰ প্ৰাথমিক বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অভিযোগ লাভ কৰে আৰক্ষী বিষয়াজনে।

জানিব পৰা মতে উক্ত সময়ছোৱাত বিদ্যালয়খনত কন কন ছাত্ৰ-ছাত্ৰীৰ পাঠদান চলি আছিল।

যাৰ বাবে বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়াই সেই স্থানত আতচবাজি ফুটোৱাত বাধা প্ৰদান কৰি বিজেপি সমৰ্থক সকলক অন্য কোনো স্থানলৈ যাবলৈ অনুৰোধ জনাইছিল। ইয়াতেই খড়্গহস্ত হৈ বিজেপি সমৰ্থক তথা একাংশ নেতাই আৰক্ষী বিষয়াজনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে গালি-গালাজেৰে ব্যতিব্যস্ত কৰি তোলে।

ইফালে ক্ষমতাই মুৰত ধৰা বিজেপিৰ একাংশ নেতা-কৰ্মীৰ এনে অভব্য আচৰণ তথা কৰ্তব্যৰত আৰক্ষী বিষয়াৰ গাত হাত দিয়া কাৰ্যক গৰিহণা দিছে এতিয়া অঞ্চলটোৰ সচেতন ৰাইজে।

লগতে পঢ়ক – মিজোৰামত ৮ কোটি টকাতকৈ অধিক মূল্যৰ হেৰোইন জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply