সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চলত ভাৰতীয় জনতা পাৰ্টিয়ে শোচনীয় প্ৰদৰ্শন কৰাৰ বাবে বিজেপিয়ে অসম প্ৰদেশৰ সংখ্যালঘূ মৰ্চা ভংগ কৰাৰ সিদ্ধান্ত লৈছে ।
সংখ্যালঘু অধ্যুষিত এলেকাত থকা দলৰ ২০ জনীয়া বুথ কমিটিত কৈও কম ভোট লাভ কৰাৰ কথা উল্লেখ কৰিছে বিজেপিয়ে ।
সদ্য সমাপ্ত নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত এলেকাত ভাৰতীয় জনতা পাৰ্টীৰ শোচনীয় পৰাজয়ৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে দলে।

দলটোৰ অসম প্ৰদেশৰ সভাপতি ৰনজিত কুমাৰ দাসৰ নিৰ্দেশ অনুসৰি তৎকালীন ভাৱে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিসমূহ ভংগ ঘোষণা কৰা হৈছে।
উল্লেখ্য যে সংখ্যালঘু অধ্যুষিত কোনো কোনো এলেকাত থকা দলৰ ২০ জনীয়া বুথ সমিতিতকৈও কম ভোট লাভ কৰা বুলি উল্লেখ কৰিছে ।