ছয়গাঁও : বিজেপিত এতিয়া বঙহৰ যুঁজ। খোদ বিজেপি কৰ্মীয়ে পিতিলে বিজেপি নেতাক। তাকো আৰক্ষী থানাৰ সন্মুখত। ছয়গাঁৱত সংঘটিত হৈছে এই ঘটনা।
শুকুৰবাৰে সন্ধিয়া ছয়গাঁও আৰক্ষী থানাৰ সন্মুখত বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতি মোবাৰক হুছেইনক দলটোৰ কৰ্মী গহেৰ আলীয়ে বেয়াকৈ প্ৰহাৰ কৰে।
গহেৰ আলীৰ আক্ৰমণত হুছেইনে চকুত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে তেওঁৰ চকুৰ পতাৰ পৰা হোৰাহোৰে তেজ বাহিৰ হয়।
জানিব পৰা মতে ছয়গাঁও আৰক্ষী থানাৰ পৰা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতি মোবাৰক হুছেইনে ওলাই আহি থানাৰ মূল গেট পোৱাৰ সময়তেই গহেৰ আলীয়ে মোবাৰক আলীৰ লগত কিবা কাৰণত যুক্তি তৰ্ক আৰম্ভ কৰে।
দুয়োৰো মাজত ভীষণ তৰ্কা তৰ্কি চলি থকাৰ মাজতে গহেৰ আলীয়ে মোবাৰক হুছেইনক আক্ৰমণ কৰে ৷ মোবাৰক হুছেইনে জনোৱা মতে তিনিদিন পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দই তেওঁক দক্ষিণ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিছিল।
সভাপতিৰ দৌৰত আছিল গৰৈমাৰীৰ বিজেপি কৰ্মী গহেৰ আলীও। গহেৰ আলীয়ে সভাপতিৰ পদ নাপাই ক্ষুব্ধ হৈ পৰে আৰু শুকুৰবাৰে দুয়োজন বিজেপি কৰ্মী ছয়গাঁৱত মুখামুখী হৈ এনেদৰে কাজিয়াত লিপ্ত হয়।
আনহাতে ছয়গাঁও আৰক্ষীয়ে গহেৰ আলীক আটক কৰিছে ৷ ক্ষমতাৰ বাবেই আজি বিজেপিত বঙহৰ যুঁজ তাকো সংখ্যালঘু সম্প্ৰদায়ৰ মাজত। আনহাতে মোবাৰক হুছেইনে এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় নেতৃবৃন্দক জনাব বুলি সাংবাদিকক জানিবলৈ দিছে।
লগতে পঢ়ক : কাহিলি পুৱাতে ঘৰে ঘৰে গৈ শিয়ালৰ আক্ৰমণ; ৩৮ জন আহত