কমাৰগাঁও (গোলাঘাট): গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী বন্তি বৰা তামুলীক দেওবাৰে খুমটাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা দুৰ্নীতি আৰু স্বেচ্ছাচাৰিতাৰ অভিযোগত অভিযুক্ত হৈ আহিছিল সভানেত্ৰী বন্তি বৰা তামুলী। কচুপথাৰ গাঁও পঞ্চায়তৰ বহুতো উন্নয়নমূলক আঁচনিৰ ধন আত্মসাৎ কৰাৰ সন্দৰ্ভত পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতি পুষ্পকান্ত কৰ্মীয়ে দিয়া এজাহাৰ ভিত্তিত খুমটাই আৰক্ষীয়ে বৰাক ২/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪২৮, ৪০৯, ৪৭১ ধাৰাত গ্ৰেপ্তাৰ কৰে।
বিজেপিৰ পৰা নিৰ্বাচিত হোৱা সভানেত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰি দীৰ্ঘ সময় ধৰি খুমটাই আৰক্ষী চকীত জেৰা কৰাৰ পিছত সাংবাদিকৰ সন্মুখত মন্তব্য কৰাৰ পৰা বিৰত থাকিল সভানেত্ৰী গৰাকী। এই পৰ্য্যন্ত তদন্তকাৰী আৰক্ষীয়েও ঘটনা সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই।
উল্লেখ্য যে, কেতবোৰ অভিযোগত অভিযুক্ত সভানেত্ৰী বন্তি বৰা তামুলীক কিছুদিনৰ পূৰ্বে সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছিল।
লগতে পঢ়ক –