গুৱাহাটীঃ বহু অনিশ্চয়তাৰ অন্ত পেলাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত অৱশেষত আহিল চৰকাৰৰ সিদ্ধান্ত।
বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত দিয়ে এই বিশেষ সিদ্ধান্ত।
আৰু পঢ়কঃএ চি এছ বিষয়াৰ বিৰুদ্ধে ক’ভিড প্ৰটকল ভংগৰ অভিযোগ; পজিটিভ ধৰা পৰাৰ দুদিন পিছতে কাৰ্য্যলয়ত উপস্থিত
নম্বৰ মূল্যায়ণৰ বাবে অসম চৰকাৰে গঠন কৰিব দুখন সমিতি। এখন দশম শ্ৰেণীৰ বাবে আৰু আনখন দ্বাদশ শ্ৰেণীৰ বাবে।
কি পদ্ধতিৰে ফলাফল ঘোষণা কৰা হ’ব তাৰ আৰ্হি এসপ্তাহৰ ভিতৰত জনাব লাগিব কমিটি দুখনে। ফলাফলসমূহ ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে।
শিক্ষামন্ত্ৰী ৰাণোজ পেগুৰে বৈঠকত উপস্থিত থাকে ছেবা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ,আছু, নিখিল বড়ো ছাত্র সন্থাৰ প্ৰতিনিধি, লগতে অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকল।