গুৱাহাটীঃ বৃহস্পতিবাৰে ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত যন্ত্ৰচালিত নাও ডুবি সন্ধানহীন হোৱা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰা হয়।

নাওঁ দুৰ্ঘটনাত ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস আৰু তেওঁৰ অধিনষ্ঠ চৰকাৰী কৰ্মচাৰী সহ প্ৰায় দহজন নদী খনৰ গভীৰ পানীত নিখোজ হৈ পৰিছিল ।

নাওঁখনত ২৮ জন লোক আছিল। দুৰ্ঘটনাটোত সাতজন লোক ডুবি যোৱাৰ আশংকা কৰা হৈছে। বৃহস্পতিবাৰে ছয়জনক উদ্ধাৰ কৰা হৈছিল।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) মতে, নিৰ্মাণ হৈ থকা ধুবুৰী-ফুলবাৰী দলঙৰ এটা খুটাত নাওখনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ফলত ব্ৰহ্মপুত্ৰৰ মাজত নাওখন ডুবি যায়।

দক্ষিণ অসমৰ কাছাৰ জিলাৰ উধাৰবন্দৰ বাসিন্দা সঞ্জু দাস বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল। সঞ্জু দাস আৰু আন এজন ৰাজহ বিষয়া জিলাখনৰ খহনীয়াপীড়িত এলেকা পৰিদৰ্শন কৰি উভতি আহোতে এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাস্থলীৰ প্ৰায় ১ কিলোমিটাৰ তলত দেওবাৰে সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply