নিউজ ডেস্ক: যোৰহাট আৰু মাজুলী সংযোগী পাৰঘাটটোত কালি বিয়লী হোৱা দুখন নাৱৰ মুখামুখি সংঘৰ্ষই চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগটোৰ ফোপোলা স্বৰূপটো আকৌ এবাৰ প্ৰমাণিত কৰিলে । বিভাগটোৰ অধীনত কাম কৰি থকা বিষয়া কৰ্মচাৰীসকলে কোনো কাম নকৰাকৈয়েই দৰমহা লৈ থকাৰ বাহিৰে যে একোৱেই নকৰে তাক পুনৰ বাৰ প্ৰমানিত হৈছে ।
যাত্ৰীসকলক বিপদৰ মুখলৈ থেলি দি এইসকল কৰ্মচাৰীয়ে কেনেদৰে চাকৰি কৰি যাব পাৰিছে সেইবোৰ চাবলৈ কোনো নাই । বিভাগীয় মন্ত্ৰী হিচাবে চন্দ্ৰ মোহন পাটোৱাৰীয়ে যোৱা চৰকাৰৰ পৰা এতিয়ালৈকে কোনো সংস্কাৰ আনিব নোৱাৰিলে । ঘটনাৰ পিছতেই তিনিজনকৈ বিষয়াক নিলম্বন কৰি তেওলোকক “থাৰ্ড ক্লাচ” বুলি গালী পৰা মন্ত্ৰীগৰাকীয়ে বাকীবোৰ পাৰঘাটত সুৰক্ষাৰ ক্ষেত্ৰত কি ব্যবস্থা আছে সেইবোৰৰ খবৰ ৰাখিছেনে ।
দূৰ্ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিন থকা ফেৰী চলাচল আজিৰ পৰা বন্ধ কৰাৰ ঘোষণা কৰে।
নিমাতী ঘাটত দুখন ৰ’পেস্ক সহ ছখন চৰকাৰী জাহাজেৰে মানুহ সমূহ পাৰাপাৰ হ’ব।
একক ইঞ্জিন চালিত ফেৰীৰ গৰাকীক দুই ইঞ্জিন চালিত কৰিবলৈ দিব ১০ লাখকৈ টকা। ইয়াৰে ৭৫ শতাংশ ধন চৰকাৰৰ সাহাৰ্য্য হব বাকী ২৫ শতাংশহে ওভোটাই দিব লাগিব ।
এতিয়ালৈকে দুবাৰকৈ আধাৰশিলা কৰা যোৰহাট মাজুলী সংযোগী দলংখন নৱেম্বৰ মাহৰ পৰা কাম আৰম্ভ হব চাৰিবছৰত সম্পূৰ্ণ হব দলঙৰ কাম।
ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনা কৰা হৈছে।মন্ত্ৰীগোটে পৰ্যালোচনা কৰিব দলঙৰ কাম।নিমাতী ঘটনাত মৃত্যু হোৱা প্ৰবক্তা পৰিমিতা দাসৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিব চৰকাৰে।
প্ৰয়োজনত আত্মীয়ক দিব সংস্থাপন।নিমাতী ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভৰ বাৰিষা ৰ’পেস্ক জাহাজ আনি নিমাতীঘাটত পেলাই থৈ চলাচল বন্ধ হৈ থকা বিষয়টোও সোমাব তদন্তত। আৰক্ষীক এটা ফৌজাদাৰী গোচৰো ল’বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে ৰাজ্যসভাৰ উপ-নিৰ্বাচন ঘোষণা
সেইবাবেই মাজুলীত আজি প্ৰতিবাদ হৈছে, ৰাইজে ক’বলৈ বাধ্য হৈছে দুৰ্ঘটনাৰ নাম দি হত্যা কৰা হৈছে মাজুলীৰ ৰাইজক’। সন্মানীয় সমষ্টি মাজুলীৰ পৰা গৈ এজন মুখ্যমন্ত্ৰী হৈছিল। কথা দিছিল মাজুলীয়ে কান্দিব নালাগে। প্ৰতিশ্ৰুতি দিছিল মাজুলীৰ আৰু দুখ নাথাকে। কিন্তু দুৰ্ঘটনাৰ নাম দি তিল তিলকৈ হত্যা কৰা হল মাজুলীৰ ৰাইজক।’ কিন্তু ৰাইজৰ প্ৰতিবাদে গা লৰাবনে এই সকলৰ ।
যোৰহাট-মাজুলীৰ সংযোগী দলং নিৰ্মাণৰ বিৰোধীতা কৰা ,আধুনিক ৰ’পেক্স জাহাজ পেলাই থোৱা , নিজ ইচ্ছা মতে নীতিনিয়ম নমনাকৈ লেচীয়ে নাও চলোৱা , চৰকাৰী ফেৰী চাৰিখন লেচীৰ মতেই অহাযোৱা কৰা আদি ঘটনাবোৰ আভ্যন্তৰীন জলপৰিবহন বিভাগে কিয় গম নাপাই সেইবোৰ তদন্তৰ আওতাত আহিবনে ।
মেদেৰটাৰীৰ নাঁও দূৰ্ঘটনাৰ তদন্ত ক’ত হেৰাল । একেধৰনৰ ঘটনা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজতো হৈছিল , তাৰ তদন্ত কি হ’ল আজি পৰিমিতা সেই সময়ত ডিম্পিক হেৰুৱালে পৰিয়ালে । বিভাগটো চলি থাকিল একেদৰেই দুদিনৰ বাবে সকলো চিজিল তাৰ পিছত আকৌ আগৰ দৰেই । এনেদৰেই পাৰঘাটত থকা আভ্যন্তৰীণ জল পৰিবহনৰ বিষয়া কৰ্মচাৰীৰ লগতে নাৱৰ ব্যবসায়ত জড়িত সকলে মানুহৰ জীৱনক লৈ খেলা কৰি যাব ।
লগতে পঢ়ক মাজুলীত সৰ্বানন্দ সোণোৱাল, জিলা উপায়ুক্ত বিক্ৰম কৈৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ