মাৰ্ঘেৰিটা : ৰাজ্যৰ ১৩ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ’ল অসম গৌৰৱ বঁটা। বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই ব্যক্তিসকলক অসম চৰকাৰৰে এই স্বীকৃতি প্ৰদান কৰে।

মুঠ ১৩ গৰাকী ব্যক্তিক এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়। এইবাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ববী হাজৰিকাই লাভ কৰিছে গৌৰৱ বঁটা।

বঁটা লাভ কৰি মাৰ্ঘেৰিটা মাকুম বাগানৰ নিবাসী এগৰাকী উদ্যোগী মহিলা তথা মিলিজুলি আত্মসহায়ক গোঠৰ সদস্যা ববি হাজৰিকাই যথেষ্ট আনন্দিত হৈ পৰিছে।

‘মোক আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে গোটৰ সকলো সদস্যৰ লগতে জিলা পৰিষদৰ বিষয়া কৰ্মচাৰী সকলক মই কৃতজ্ঞতা জনাইছো। এই বঁটাৰ যোগ্য মই অকলে নহয়, তিনিচুকীয়া জিলাৰ সমূহ ৰাইজ বিশেষকৈ আমাৰ গোটৰ সহায় সহযোগিতাতহে এই সম্ভৱ হৈ উঠিছে,’ তেওঁ কয়।

উল্লেখযোগ্য যে লকডাউনৰ সময়ত হাজৰিকাই দুখীয়া ৰাইজৰ মাজত মাক্স বিতৰণৰ, খাদ্য আদি দিয়াৰ লগতে বিভিন্ন কাৰ্যসূচী কৰি আহিছে। তেওঁ পিঠাৰ লগতে আচাৰ আদিও প্ৰস্তত কৰি বিভিন্ন স্থানত বিক্ৰী কৰি আহিছে।

লগতে পঢ়ক : মৰাণত ভয়ংকৰ পথ দুর্ঘটনাত নিহত এগৰাকী মহিলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,472 other subscribers

Leave a comment

Leave a Reply Cancel reply