লখিমপুৰ: লখিমপুৰ জিলাৰ দলহাট আৰক্ষী চকীৰ অন্তৰ্গত কঠালপুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হয় এটি ছয়মহীয়া শিশুৰ মৃতদেহ।

পুখুৰীত উপঙি থকা অৱস্থাত আজি দুপৰিয়াৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ।

ঘটনাস্থলীত দ’লহাট আৰক্ষীৰ লগতে ৰে’ল আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

বাতৰি যুগুত কৰা সময়লৈকে শিশুটিৰ মৃত্যুৰ কাৰন জানিৱ পৰা হোৱা নাই, স্থানীয় ৰাইজে আৰক্ষীক ঘটনাটোৰ এক উচিত তদন্ত দাবী জনায়।

লগতে পঢ়ক – বৈঠালাংছ’ত ভয়ংকৰ পথ দুৰ্ঘটনা; ১১ জন যাত্ৰী আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply