বোকাখাত, উত্তম কুমাৰ শৰ্মা: গো সুৰক্ষাৰ নামত চৰকাৰে ৰাজ্যত বহু বিতৰ্কিত গো-সুৰক্ষা আইন বলৱৎ কৰিলে যদিও ৰাজ্যত এতিয়াও অবাধ গতিত চলি আছে গৰুৰ চোৰাং কাৰবাৰ। প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চোৰাং গৰু উদ্ধাৰ কৰা বাতৰি প্ৰকাশ পাই আহিছে।
এক শক্তিশালী সৰহবৰাহকাৰী চক্ৰই ৰাজ্যত চলাই আহিছে গৰুৰ এখন বৃহৎ চোৰাং বজাৰ। শেহতীয়াকৈ গৰুৰ চোৰাং কাৰবাৰ তথা সৰবৰাহৰ ঘাটিত পৰিণত হৈছে বোকাখাত।
নগাঁৱৰ একাংশ গৰু বেপাৰীয়ে চলাই অহা গৰুৰ এই চোৰাং সৰবৰাহত দালালৰ ৰূপত আছে বোকাখাতৰ এটা বিশেষ ৰাজনৈতিক দলৰ কেইবাগাৰাকী সদস্য।
উত্তৰ পাৰৰ পৰা নদী পথেৰে গৰুসমূহ আনি বোকাখাতৰ নিকৰিঘাটত নমোৱাৰ পাছতে কুৰুৱাবাহীৰ মধুপুৰ, চিনাকানৰ লগতে নুমলীগড়ৰ পাৰঘাট তথা বোকাখাতৰ ৰঙাগড়াঘাট, পলাশগুৰি আদি ঠাইত গৰুবোৰ গোট খুৱাই ৰখা হয়।
উত্তৰ পাৰৰ লগতে অন্যান্য স্থানৰ পৰা আনি গোটাই ৰখা গৰু নিশা হ’লেই পোনে পোনে লৈ যোৱা হয় মেঘালয়লৈ, তাৰ পৰাই চোৰাংকৈ সৰবৰাহ কৰা হয় বাংলাদেশলৈ।
উল্লেখযোগ্য যে বোকাখাতৰ পৰা গৰু সৰবৰাহ চক্ৰক নিয়ন্ত্ৰণ কৰে এটা বিশেষ ৰাজনৈতিক দলৰ কেইবাগৰাকী সদস্যৰে গঠিত এটা দালাল চক্ৰই। দীৰ্ঘদিনৰ পৰা এই গৰু সৰবৰাহত সহায় কৰি আহিছে এই বিশেষ চক্ৰটোৱে।
দালাল চক্ৰটোৱে বোকাখাতৰ পৰা কলিয়াবৰলৈকে কেইবাটাও থানা অঞ্চল গৰুভৰ্তি গাড়ীসমূহ পাৰ কৰি দিয়াৰ নামত প্ৰতিখন গাড়ীৰ পৰা গৰুৱে প্ৰতি ৩০০ৰপৰা ৪০০ টকা পৰ্য্যন্ত ধন আদায় কৰে।
জানিব পৰা মতে একাংশ আৰক্ষী থানাৰ জ্ঞাতসাৰেই গো সৰবৰাহৰ এই চোৰাং কাৰবাৰ সংঘটিত হৈ আহিছে যদিও ৰাজনৈতিক হেঁচাৰ বাবেই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে এই থানাসমূহ।
যাৰ বাবে বিনা বাধাই আৰক্ষী থানাৰ সন্মুখেদিয়েই বোকাখাতৰ পৰা দৈনিক সৰবৰাহ হয় তিনি/চাৰিখনতকৈও অধিক চোৰাং গৰুভৰ্তি বাহন।
উল্লেখযোগ্য যে গো-সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পাছতো বোকাখাতত আৰক্ষী প্ৰশাসনৰ সন্মুখতেই কেনেদৰে গৰুৰ চোৰাং সৰবৰাহ চলি থাকিব পাৰিছে তাক লৈ সচেতন মহলত যথেষ্ট প্ৰশ্ন উঠিছে।
লগতে পঢ়ক – লখিমপুৰত আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ