বোকাখাত, উত্তম কুমাৰ শৰ্মা: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কনকলতা বৰুৱা সোঁৱৰণী প্ৰথম আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ খেলত বোকাখাতৰ দলে হাইলাকান্দিক ৯ উইকেটত পৰাস্ত কৰে।

আজিৰ খেলখনত বোকাখাত মহিলা ক্ৰিকেট দলৰ হৈ মুছকান মল্লিকে সৰ্বোচ্চ ৫৩ টা বলত ৬৬ ৰাণ কৰি অপৰাজেয় হৈ থাকে। মুঠ ৩০ অভাৰৰ খেলখনত বোকাখাত দলটিৰ হৈ অৰ্পনা কৰ্মকাৰে ৬ অভাৰত ১৭ ৰাণ দি ৪টা উইকেটত দখল কৰিবলৈ সক্ষম হয়।

আনহাতে হাইলাকান্দি দলৰ হৈ নিথা কুমবাঙে ৬০ টা বলত ৩৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে দলটিৰ হৈ তৰালি সন্ধিকৈয়ে ১টা উইকেট দখল কৰিবলৈ সক্ষম হয়।

বোকাখাত মহিলা ক্ৰিকেট দলটোৰ প্ৰশিক্ষক চহিদুৰ ৰহমানে জানিবলৈ দিয়া মতে অহা ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা আনখন খেলত বোকাখাতে মৰিগাঁও মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে যুঁজত নামিব।

উল্লেখযোগ্য যে ৰাজ্যৰ সৰ্বমুঠ ১৮ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব অহা ২১ ফেব্ৰুৱাৰীত।

লগতে পঢ়ক – পৃথক বড়োভূমিৰ দাবীত গঠন হ’ল নতুন সংগঠন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply