বোকাখাত, উত্তম কুমাৰ শৰ্মা: দেওবাৰে বোকাখাতত এদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হৈ যায় গোলাঘাট জিলা মল্লযুঁজ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নগণ্য সংখ্যক লোকৰ উপস্থিতিত বোকাখাতৰ চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃত অধিৱেশনখন অনুষ্ঠিত হয়।

অনুষ্ঠানত উপস্থিত থাকে অসম মল্লযুঁজ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্জ্বল বৰুৱা, উপ সভাপতি গৌৰাংগ ৰয়, গোলাঘাট জিলা মল্লযুঁজ সন্থাৰ বিষয়ববীয়া আৰু সদস্যৰ উপৰিও আমন্ত্ৰিত কেইবাগৰাকী বিশিষ্ট অতিথিৰ লগতে খেলুৱৈসকল।

উল্লেখযোগ্য যে ২০১২ চনৰ পৰা ক্ৰীড়াৰ আনুসংগিক বিভিন্ন সমস্যা তথা অভাৱ অনাটনৰ মাজেৰে সম্পূৰ্ণ নিজা খৰচতে অনুশীলন চলাই অহা বোকাখাতৰ ২৫ গৰাকীকৈ খৈলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন শাখাত খিতাপ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ইতিমধ্যে গোলাঘাট জিলা মল্লযুঁজ সন্থাৰ অন্তৰ্গত বোকাখাতত খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰি অহা দুই প্ৰশিক্ষক অনুষ্টুপ নৰহ আৰু পাপু চাঁওতালে পাঞ্জাবৰ পটিয়ালাস্থিত Netaji Subhash National Institute of Sports-ত প্ৰশিক্ষণ লাভ কৰাৰ লগতে বোকাখাতৰ দুগৰাকীকৈ প্ৰতিভাৱান খৈলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবেও সুযোগ লাভ কৰিছে।

বিগত কেইবা বছৰৰ পৰা বোকাখাত ক্ৰীড়া সংন্থাৰ সভাপতিৰ দায়িত্বত আছে বোকাখাতৰ বিধায়ক, কৃষি মন্ত্ৰী অতুল বৰা। কিন্তু বৰা নিজে এগৰাকী প্ৰাক্তন খেলুৱৈ হোৱাৰ পাছতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বোকাখাতৰ মল্লযুঁজৰ খেলুৱৈসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যদিও দীৰ্ঘদিনৰ পৰা এইসকল খেলুৱৈয়ে সন্মুখীন হৈ অহা নানা সমস্যাৰ ক্ষেত্ৰত তেওঁ উদাসীনতাহে প্ৰকাশ কৰি অহা দেখা গৈছে।

দেওবাৰে বোকাখাতত অনুষ্ঠিত অধিৱেশনৰ অন্তত গোলাঘাট জিলা মল্লযুঁজ সন্থাৰ ৩১জনীয়া পূৰ্ণাঙ্গ সমিতি গঠন কৰা হয়। সভাপতি নৈতিক বৰগোঁহাই আৰু সম্পাদক জিতু বৰাক লৈ গঠন হোৱা ৩১ জনীয়া সমিতিখনে আগন্তুক দিনত জিলাখনত খেলুৱৈসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে গঠনমূলক কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা সমিতি গঠন কৰি কাৰ্যক্ষম কৰি তোলাৰ পিছতে অহা মাৰ্চৰ ভিতৰত অসম মল্লযুঁজ সন্থাৰ নতুন সমিতিখনো গঠন কৰা হ’ব বুলিও মন্তব্য কৰে অসম মল্লযুঁজ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্জ্বল বৰুৱাই।

লগতে পঢ়ক – কমাৰগাঁৱত শিলাবৃষ্টিৰ ফলত দুশৰ অধিক বাসগৃহৰ ক্ষতিসাধন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,127 other subscribers

Leave a comment

Leave a Reply Cancel reply